ETV Bharat / state

দিছপুৰ বিপদত : বছৰি দুহেজাৰ কোটিকৈ হ্ৰাস পাইছে ৰাজহ

author img

By

Published : Nov 14, 2021, 10:29 PM IST

ৰাজ্যৰ সমুখত ভয়াৱহ বিত্তীয় সংকট ৷ যোৱা ছটা মাহতে ৰাজ্য চৰকাৰখনে বিভিন্ন উৎসৰ পৰা লবলগীয়া হৈছে প্ৰায় আঠ হাজাৰ কোটি টকাতকৈও অধিক ঋণ ।

assam-government-is-facing-huge-financial-crisis
দিছপুৰ বিপদত : বছৰি দুহেজাৰ কোটিকৈ হ্ৰাস পাইছে ৰাজহ

গুৱাহাটী, ১৪ নৱেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে দিছপুৰত শাসনভাৰ চমজি লোৱাৰ এটা বছৰ সম্পূৰ্ণ নৌহওতেই ভয়ানকভাৱে আৰ্থিক সংকটৰ মুখামুখি হ’বলগীয়া হৈছে ৰাজ্য । যাৰ ফলস্বৰূপে যোৱা ছটা মাহতে ৰাজ্য চৰকাৰখনে বিভিন্ন উৎসৰ পৰা ল’বলগীয়া হৈছে প্ৰায় আঠ হাজাৰ কোটি টকাতকৈও অধিক ঋণ । চিন্তনীয় বিষয়টো হ'ল বিগত তিনিটা বছৰত অসম চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ পৰিমাণ হোৰাহোৰে নিম্নগামী হৈছে ।

পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসনকালৰ পৰাই ৰাজ্য চৰকাৰৰ নিজা কৰ সংগ্ৰহৰ পৰিমাণ কমি আহিছে । বিত্ত বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে বিগত ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ নিজা কৰ সংগ্ৰহৰ পৰিমাণ আছিল ২৪,১৪৬ কোটি টকা । কিন্তু ঠিক ইয়াৰ পিছৰটো বিত্তীয় বৰ্ষত অৰ্থাৎ ২০১৯-২০ বৰ্ষত এই পৰিমাণ অভাৱনীয় ভাবে হ্ৰাস পাই হয়গৈ ২২,০৬৪ কোটি টকা ।

কেৱল সিমানেই নহয়, ২০২০-২১ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ১৯,৪৫০ কোটি টকা । অৰ্থাৎ প্ৰতি বছৰে প্ৰায় দুহেজাৰ কোটিতকৈও অধিক পৰিমাণৰ ৰাজহ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে । যাৰ বাবে ৰাজ্য চৰকাৰৰ সমূখত এতিয়া মুকলি বজাৰৰ পৰা ঋণ লোৱাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে ।
চলিত বিত্তীয় বৰ্ষত বিগত ছেপ্টেম্বৰ মাহলৈকে ড৹ শৰ্মা চৰকাৰে ১০,০৪৩ কোটি টকা নিজা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইদৰে বছৰি হাজাৰ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ কমি অহাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিবলৈ এৰা নাই । নিৰবচ্ছিন্নভাৱে ঘোষণা কৰি গৈছে ইখনৰ পিছত সিখনকৈ আঁচনি । কম পৰিমাণে সংগৃহীত ৰাজহৰ ধনো ব্যয় কৰা হৈছে হিতাধিকাৰী সৃষ্টিত ।

লগতে পঢ়ক : Ogran trafficking : চিকিৎসকৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.