ETV Bharat / sitara

Bigg Boss 15: ৰাকেশৰ পাচতেই শ্ব’ৰ পৰা বাহিৰ শমিতা ছেট্টী !

author img

By

Published : Nov 15, 2021, 1:53 PM IST

ৰাকেশ বাপত(Raqesh Bapat)ৰ পাচত চৰ্চিত প্ৰেয়সী শমিতা ছেট্টী(Shamita Shetty) বাহিৰ হ’ব নেকি ৰিয়েলিটি শ্ব’ বিগ বছ 15(Bigg Boss 15)ৰ পৰা ? ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি অনুসৰি, চিকিৎসাজনিত কাৰণত শমিতাক হাউছৰ বাহিৰলৈ লৈ যোৱা হৈছে ৷ কিন্তু পুনৰ শ্ব’লৈ তেওঁ উভতি আহিব পাৰে শমিতা ৷

After Raqesh Bapat, now Shamita Shetty out of the house?
ৰাকেশৰ পাচতেই শ্ব’ৰ পৰা বাহিৰ শমিতা ছেট্টী !

চিটাৰা ডেস্ক, 15 নৱেম্বৰ : টেলিভিশ্বনৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছ 15(Bigg Boss 15)ত এগৰাকীৰ পাচত আনগৰাকী প্ৰতিযোগীৰ নিষ্কাষণ হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ প্ৰতিযোগী ৰাকেশ বাপত(Raqesh Bapat)ৰ অসুস্থতাৰ বাবে তেওঁ শ্ব’ৰ পৰা বাহিৰ হৈছে ৷

ৰাকেশৰ পাচতে তেওঁৰ চৰ্চিত প্ৰেয়সী তথা প্ৰতিযোগী শমিতা ছেট্টী(Shamita Shetty)ও বাহিৰ হৈছে বিগ বছ হাউছৰ পৰা ৷ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি অনুসৰি, চিকিৎসাজনিত কাৰণত শমিতাক হাউছৰ বাহিৰলৈ লৈ যোৱা হৈছে ৷ কিন্তু পুনৰ শ্ব’লৈ তেওঁ উভতি আহিব বুলি ইতিমধ্যে প্ৰচাৰ হৈছে ৷

যদিও বিগ বছ সম্প্ৰচাৰ হোৱা চেনেল কালাৰ্ছে(Colors) বৰ্তমানলৈকে বাতৰিটো সন্দৰ্ভত কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই ৷ ইফালে শমিতা বাহিৰ হোৱা বুলি চৰ্চা লাভ কৰা বাতৰিয়ে বিচলিত কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক ৷ শেহতীয়া বাতৰি অনুসৰি, ৰাকেশ পুনৰ শ্ব’ৰ মাজলৈ উভতি নাহে ৷

কিয়নো চিকিৎসকে তেওঁক পুনৰ শ্ব’ত অংশগ্ৰহণ নকৰিবলৈ উপদেশ দিয়ে ৷ এই বাতৰিয়ে শমিতা আৰু ৰাকেশৰ অনুৰাগী বিশেষকৈ #ShaRaৰ অনুৰাগীসকলৰ মনত নিশ্চয়কৈ আঘাত সানিছে, যিহেতু শমিতা আৰু ৰাকেশৰ মাজত থকা সম্পৰ্কক আঁকোৱালি লৈছিল অনুৰাগীসকলে ৷

লগতে পঢ়ক : Bigg Boss 15ৰ প্ৰতিযোগী ৰাকেশ বাপতক হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.