ETV Bharat / bharat

BSF seized Ganja : ত্ৰিপুৰাত ১৬ লাখ টকাৰ গাঞ্জা জব্দ

author img

By

Published : Nov 15, 2021, 1:07 PM IST

ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) আৰু কালামচৌৰা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ বহু পৰিমাণৰ গাঞ্জা আৰু চোৰাং সামগ্ৰী । জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১৬ লাখ টকা । চোৰাংভাৱে সৰবৰাহ কৰা ১৪টা গৰুৰ মূৰ জব্দ হয় এই অভিযানত ।

BSF seized contraband and other items of Rs 16 lakh in Tripura
ত্ৰিপুৰাত ১৬ লাখ টকাৰ গাঞ্জা জব্দ

আগৰতলা, ১৫ নৱেম্বৰ : ত্ৰিপুৰা(Tripura)ত নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা অব্যাহত । যোৱা ১৩ নৱেম্বৰৰ নিশা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত(Indo-Bangladesh International Border)ৰ কেইবাটাও স্থানত যুটীয়া অভিযান চলায় সীমান্ত সুৰক্ষা বাহিনী(BSF) আৰু কালামচৌৰা আৰক্ষীয়ে । এই অভিযানত জব্দ হয় অবৈধভাৱে সৰবৰাহ কৰা ১৪টা গৰুৰ মূৰ(Cattle Head), ১৭ কিলোগ্ৰাম গাঞ্জা(Ganja), ১৩৫ টা ফেনচেডাইল(Phensedyl)ৰ বটল আৰু বহু চোৰাং সামগ্ৰী ।

জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১৬ লাখ টকা । আনহাতে, চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ মূৰকেইটাৰ মূল্য ১৬,৫৫,১৩৮ টকা । অবৈধভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে চেপাহিজালাৰ অন্তৰ্গত বিশালগড়ৰ পৰা বলেৰ’ পিক-আপ ভানেৰে নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰা হৈছিল । এই বিষয়ে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাচতে ১৩ নৱেম্বৰৰ মাজনিশা অভিযান চলোৱা হয় ।

বক্সানগৰ সীমান্ত সুৰক্ষা বাহিনী, গোকুলনগৰৰ প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ ১৫০ বেটালিয়ন কালামচৌৰা থানাৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলায় ।

এই যুটীয়া অভিযানৰ সময়ত, দলটোৱে বিশালগড়-বক্সানগৰ ৰোডৰ লাৰু বাৰী অঞ্চলত বলেৰ’ পিক-আপ ভানখনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ৭২০ পেকেট আতচবাজী, ২৫০ কিলোগ্ৰাম চাউল জব্দ কৰে ।

লগতে টিআৰ 07 এ 1857 নম্বৰৰ বাহনখনো জব্দ কৰে । জব্দকৃত সামগ্ৰীখিনিৰ মুঠ মূল্য ১১,৮২,৮০০ টকা । জব্দ কৰা নিষিদ্ধ সামগ্ৰীবোৰ আৰু বাহনখন বৰ্তমান কালামচৌৰা আৰক্ষীৰ জিম্মাত আছে । উল্লেখ্য যে, চোৰাং সামগ্ৰীৰ বেহা বন্ধ কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই আহিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

লগতে পঢ়ক:Indian Railways : এসপ্তাহৰ বাবে বন্ধ থাকিব টিকট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.