ETV Bharat / bharat

Gadchiroli encounter: ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

author img

By

Published : Nov 15, 2021, 9:30 AM IST

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ ধানোৰা অঞ্চলত শনিবাৰে মাওবাদী বিৰোধী আৰক্ষীৰ দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত ২৬ জন মাওবাদীসহ শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে নিহত হয় ৷ ইয়াৰ পাছতেই দেওবাৰে এই সংঘৰ্ষৰ ন্যায়িক তদন্তৰ দাবী জনায় ভদ্ৰাদ্ৰী কোঠাগুদেম আৰু পূৱ গোদাৱৰী জিলা মাওবাদী শাখা সমিতিয়ে ৷

Maoists demand judicial inquiry into Gadchiroli encounter
গড়চিৰোলী এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

নিউজ ডেস্ক, 15 নৱেম্বৰ : মহাৰাষ্ট্ৰৰ গড়চিৰোলী এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰি এই এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ভদ্ৰাদ্ৰী কোঠাগুদেম আৰু পূৱ গোদাৱৰী জিলা মাওবাদী শাখা সমিতিয়ে ৷ সমিতিয়ে এখন পত্ৰযোগে এই দাবী কৰি চৰকাৰে মাওবাদী আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰি আছে আৰু এই আন্দোলন সমাপ্তিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ।

Maoists demand judicial inquiry into Gadchiroli encounter
গড়চিৰোলী এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

পত্ৰখনত দাবী কৰা হৈছে যে এই আক্ৰমণ মাওবাদী আন্দোলনৰ বিৰুদ্ধে কৰা অভিযানৰ অংশ ৷ ছত্তীশগড় আৰু গড়চিৰোলীৰ জনজাতীয় অঞ্চলসমূহৰ বিশাল প্ৰাকৃতিক সম্পদ শোষণত মাওবাদীসকলে বাধা প্ৰদান কৰি অহাৰ বাবেই তেওঁলোকৰ ওপৰত এই আক্ৰমণ কৰা হৈছে ৷

পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে, এই সংঘৰ্ষৰ বাবে তেলেংগানা, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ৰ চৰকাৰ দায়ী ৷ তেওঁলোকে অঞ্চলটোৰ পৰা চি আৰ পি এফ আৰু বিশেষ বাহিনীক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাই এই আক্ৰমণৰ বাবে দোষীসকলে উচিত ফল ভোগ কৰিব লাগিব বুলি হুংকাৰ দিয়ে ৷

Maoists demand judicial inquiry into Gadchiroli encounter
গড়চিৰোলী এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

উল্লেখ্য যে, শনিবাৰে মহাৰাষ্ট্ৰ-ছত্তিশগড় সীমান্তৰ গড়চিৰোলী জিলাৰ ধানোৰা তালুকত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০ গোটৰ সৈতে সংঘৰ্ষত প্ৰায় ২৬ জন মাওবাদী নিহত হয় । এই এনকাউণ্টাৰত আৰক্ষীৰ হাতত নিহত হয় শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে ।

লগতে পঢ়ক : নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.