ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 15, 2021, 3:00 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

1.JNU Clashes : এবিভিপি-বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মীৰ মাজত সংঘৰ্ষ

দেওবাৰে ৰাজধানী চহৰ নতুন দিল্লী(New Delhi)ৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(JNU) অনুষ্ঠিত হৈছিল এখন সভা ৷ উক্ত সভাৰ মাজতে এবিভিপি(ABVP) আৰু বাঁওপন্থী দলৰ সদস্যসকল(Left student organization)ৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ ৷ ঘটনাটোত আহত হৈছিল দুয়োপক্ষৰে বহুকেইগৰাকী কৰ্মী ৷

2.MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

যোৱা 11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ মুম্বাইত অনুষ্ঠিত হৈছিল দেশৰ সকলো বিজেপি বিধায়কৰ প্ৰশিক্ষণ শিবিৰ ৷ ইয়াৰ পিছতেই এতিয়া ৰাজ্যৰ বিধায়কসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে অসম বিধানসভাই (Assam Assembly) ৷

3.Suman Swargiary : সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদগৰাকীৰ

সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন মণিপুৰৰ উগ্ৰপন্থীৰ হাতত নিহত আছাম ৰাইফলছ(Assam Rifles)ৰ শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰী(Suman Swargiary)ৰ ৷ বাক্সা জিলাৰ নিজ গাঁও থেকেৰাকুছিত শেষ বিদায় জনোৱা হয় শ্বহীদগৰাকীক ৷

4.Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

দেওবাৰে নিশা কৰিমঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে আটক কৰিলে দিল্লীৰ দুই মহিলা সাংবাদিকক ৷ ত্ৰিপুৰা সংঘৰ্ষৰ ওপৰত বাতৰি পৰিৱেশনৰ বাবে ত্ৰিপুৰালৈ আহিছিল দিল্লীৰ দুয়োগৰাকী সাংবাদিক ৷

5.S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

ভাৰতক এছ-400 ট্ৰিয়ামফ এয়াৰ ডিফেন্স ছিষ্টেম স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী টেকনিকেল কো-অপাৰেচন(FSMTC)ৰ মুখ্য সঞ্চালক ডিমিত্ৰি চুগায়েভে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

6.জাৱৰৰ দমত বহিছে Pathsala Weekly Market

বজালী জিলাৰ সদৰ পাঠশালাৰ এটি বৃহৎ জাৱৰৰ দমে সচেতন লোকৰ মাজত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ পাঠশালাৰ সাপ্তাহিক বজাৰ(Pathsala Weekly Market)ৰ কাষতে থকা জাৱৰৰ দমৰ দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে ক্ৰেতা-বিক্ৰেতাক ৷

7.BSF seized Ganja : ত্ৰিপুৰাত ১৬ লাখ টকাৰ গাঞ্জা জব্দ

ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) আৰু কালামচৌৰা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ বহু পৰিমাণৰ গাঞ্জা আৰু চোৰাং সামগ্ৰী । জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১৬ লাখ টকা । চোৰাংভাৱে সৰবৰাহ কৰা ১৪টা গৰুৰ মূৰ জব্দ হয় এই অভিযানত ।

8.Gadchiroli encounter: ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ ধানোৰা অঞ্চলত শনিবাৰে মাওবাদী বিৰোধী আৰক্ষীৰ দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত ২৬ জন মাওবাদীসহ শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে নিহত হয় ৷ ইয়াৰ পাছতেই দেওবাৰে এই সংঘৰ্ষৰ ন্যায়িক তদন্তৰ দাবী জনায় ভদ্ৰাদ্ৰী কোঠাগুদেম আৰু পূৱ গোদাৱৰী জিলা মাওবাদী শাখা সমিতিয়ে ৷

9.Indian Railways : এসপ্তাহৰ বাবে বন্ধ থাকিব টিকট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা

যাত্ৰীক স্বাভাৱিকভাৱে সেৱা আগবঢ়াবলৈ কেতবোৰ তথ্য আপডেট কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৰে'ল(Railway) বিভাগৰ বাবে । সেয়ে, কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এসপ্তাহৰ বাবে দৈনিক ৬ ঘণ্টাকৈ ৰে'ল যাত্ৰী সংৰক্ষণ প্ৰণালী(Railways Passenger Reservation System) বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিভাগটোৱে ।

10.মণিপুৰ আৰক্ষী- Assam Rifles ৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ ফুন্দ্ৰেই বেটেলিয়নে ২০ ৰাউণ্ড এম ৭৯ গ্ৰেনেড লাঞ্চাৰ উদ্ধাৰ কৰিছে । সন্দেহযুক্ত উগ্ৰপন্থীয়ে পাঁচজন সৈনিক আৰু দুজন নাগৰিকসহ প্ৰায় সাতজন লোকক হত্যা কৰাৰ পিছতে সম্প্ৰতি এই ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.