ফান্দত পৰিল প্ৰকাণ্ড নাহৰফুটুকী; ৰাইজে এৰিলে স্বস্তিৰ নিশ্বাস - Leopard Caged In Nazira

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:03 PM IST

thumbnail
চাহ বাগিচাত নাহৰফুটুকীৰ আতংক (ETV BHARAT ASSAM)

আমগুৰি, ১৭ মে: শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী মোদীনগৰ চাহ বাগিচাত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী । বিগত কিছুদিন ধৰি অঞ্চলটোত নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰি আহিছিল । ৰাইজে এই সম্পৰ্কে বন বিভাগক অৱগত কৰাত বিভাগটোৰ কৰ্মীসকলে মোদীনগৰ চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত এটা পিঞ্জৰা স্থাপন কৰে । বন বিভাগে স্থাপন কৰা এই পিঞ্জৰাটোত আজি এটা প্ৰকাণ্ড নাহৰফুটুকী আৱদ্ধ হয় ।

উল্লেখ্য যে যোৱা চাৰি মে'ৰ দিনা বাগিচাত কৰ্মৰত দুগৰাকী মহিলা শ্ৰমিকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোৱে । ইয়াৰ পিছতে বন বিভাগে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল । দীৰ্ঘদিন ধৰি গেলেৰী অঞ্চলত নাহৰফুটুকীটোৱে আতংকৰ সৃষ্টি কৰি আহিছিল । অৱশেষত বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো । পিঞ্জৰাবদ্ধ হোৱাৰ পিছতে গেলেকী আৰু শিৱসাগৰৰ বন বিভাগৰ লোকে নাহৰফুটুকীটো উদ্ধাৰ কৰে । 

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.