লোকসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰদান কৰা হ’ব সকলো আঁচনি: মুখ্যমন্ত্ৰীৰ আশ্বাস - ASSAM GOVT SCHEMES
Himanta Biswa Sarma: সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰসভাত দিয়া প্ৰতিশ্ৰুতি পালন কৰিব চৰকাৰে ৷ নামৰূপত আশ্বাস দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Published : June 14, 2024 at 10:50 PM IST
ডিব্ৰুগড়, 14 জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিয়ে । ১৪ টা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত এখন ক’ৰবাত দুখনৰ পৰা তিনিখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিখন নিৰ্বাচনী সভাত এখনৰ পিচত আন এখন আঁচনি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে ।
নিৰ্বাচনী প্ৰচাৰ সভাত আঁচনিৰ কথা কৈ ভোট বিচৰাৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল বিৰোধী কংগ্ৰেছৰ লগতে আন দলসমূহে । আনকি বহুকেইটা ৰাজনৈতিক দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছিল চৰকাৰী আঁচনিৰ কথা কৈ ভোটাৰক প্ৰলোভিত কৰা বুলি । এতিয়া নিৰ্বাচনৰ পাৰ হ'ল । তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী । ১১ জন সাংসদক জয়লাভ কৰাই দিল্লীলৈ পঠিয়াবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপত শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ পিচত প্ৰথমখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ নামৰূপত: গ্ৰাহকে লাভ কৰিব ৰাজসাহায্য়
মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দলক ভোট প্ৰদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে এতিয়া নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে নিৰ্বাচনৰ সময়ত কোৱা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ ৰূপায়ণৰ বাবে ব্যৱস্থা কৰা হৈছে । এই আঁচনিৰ জৰিয়তে যুৱকসকলক এক লাখ টকাৰ ঋণ আৰু এক লাখ টকা ৰাজসাহায্য দিয়া হ'ব ।
নিৰ্বাচন শেষ হোৱাৰ পিচতে এই আঁচনিৰ বাবে যুৱকসকলৰ ইন্টাৰভিউ আৰম্ভ হৈছে । অহা ছেপ্টেম্বৰ মাহত ৩০ হাজাৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । নিৰ্বাচনৰ সময়ত ঘোষণা কৰা নিযুত মইনা আঁচনিৰ জৰিয়তে হায়াৰ ছেকেণ্ডৰীত নাম ভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা, স্নাতক মহলাত পঢ়ি থকাসকলে ১২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে ২৫০০ টকাকৈ মাহেকত লাভ কৰিব ।
লগতে পঢ়ক: লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী দুই শতাধিক পদ
তদুপৰি লাখপতি বাইদেউ আঁচনি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আদি যি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত দিয়া হৈছিল সকলো পূৰণ কৰা হ'ব বুলি নামৰূপত পুনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সন্মুখত পঞ্চায়ত আৰু কেবাটাও সমষ্টিৰ উপ-নিৰ্বাচন । গতিকে লোকসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈছে মুখ্যমন্ত্ৰী ।
লগতে পঢ়ক: হাওৰাত কাম কৰিবলৈ গৈ কিছুলোকে কলেৰাৰ বীজাণু কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ : মুখ্যমন্ত্ৰী

