ETV Bharat / bharat

NCC ৰ ADG আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠক - Gagan Deep meets Mizoram CM

Development of the NCC in Mizoram : শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহামাৰ সৈতে এক বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) মেজৰ জেনেৰেল গগান দীপ ৷ এই বৈঠকত ৰাজ্যখনত এন চি চিৰ কাৰ্যকলাপ সন্দৰ্ভত আলোকপাত কৰে ৷

Development of the NCC in Mizoram
NCC ৰ ADG আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠক (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:04 AM IST

তেজপুৰ, 15 জুন : ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) মেজৰ জেনেৰেল গগান দীপে শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহামাৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় ৷ এই বৈঠকতে মিজোৰামৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ লক্ষ্যৰে এন চি চিৰ দ্বাৰা লোৱা নিষ্ঠাবান প্ৰচেষ্টা আৰু সেৱাৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে শলাগ জনায় ।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটয়ে এক বিবৃত্তিত জনায় যে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত এন চি চিৰ কাৰ্যকলাপৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ৷ লগতে কেডেটসকলক কেনেদৰে প্ৰেৰণা আৰু অনুপ্ৰাণিত কৰিছে সেই কথাৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

Development of the NCC in Mizoram
NCC ৰ ADG আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat)

এই বৈঠকতে এডিজিয়ে মিজোৰামৰ এনচিচি প্ৰশিক্ষণ একাডেমীৰ আন্তঃগাঁথনি আৰু সা-সুবিধা আৰু বৃদ্ধি কৰাৰ লগতে জৰুৰী প্ৰয়োজনীয়তা বিষয়সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ উল্লেখ কৰে যে আন্তঃগাঁথনি উন্নত কৰিলে প্ৰশিক্ষণ কাৰ্যসূচী যথেষ্ট বৃদ্ধি পাব ৷ ফলত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে উন্নত প্ৰশিক্ষণ ল’ব পাৰিব ৷

ইয়াৰ দ্বাৰা অনুশাসিত, দক্ষ আৰু অনুপ্ৰাণিত কেডেটসকলক লালন-পালন কৰাত সহায়ক হ’ব, যিয়ে সমাজ আৰু দেশলৈ ইতিবাচক অৰিহণা যোগাব পাৰে । এই প্ৰচেষ্টাত চৰকাৰী সমৰ্থনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এই জটিল সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এডিজিয়ে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰে ।

মুখ্যমন্ত্রীয়ে ইতিবাচক সঁহাৰি প্রদান কৰি আন্তঃগাঁথনিগত প্রত্যাহবানসমূহ সমাধানৰ ক্ষেত্রত তেওঁৰ পূৰ্ণ সমর্থনৰ আশ্বাস দিয়ে ৷ তেওঁ কেডেটসকলৰ কল্যাণ আৰু মিজোৰামৰ এন চি চিৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে ।

এনেধৰণৰ পাৰস্পৰিক ক্ৰিয়া-কলাপে ৰাজ্য চৰকাৰ আৰু এনচিচিৰ মাজত শক্তিশালী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উন্নত আন্তঃগাঁথনি আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে মিজোৰামৰ এনচিচিয়ে নতুন উচ্চতাত উপনীত হ’বলৈ সাজু হৈছে ৷ পৰৱৰ্তী প্ৰজন্মৰ নেতা আৰু ৰাজ্য আৰু দেশলৈ অৱদানকাৰীক শক্তিশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : মোদী 3.0 চৰকাৰৰ 100 দিনীয়া কৰ্মপৰিকল্পনাত কৃষি আন্তঃগাঁথনিক অধিক গুৰুত্ব দিয়ক - Agri Infrastructure in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.