ETV Bharat / bharat

আমেঠিৰ আছিলো, আছো আৰু থাকিম: ৰাহুল গান্ধী - Lok Sabha Election 2024

author img

By ANI

Published : May 17, 2024, 6:34 PM IST

Lok Sabha Election 2024: কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত আমেঠিত নিৰ্বাচনী প্ৰচাৰ ৰাহুল গান্ধীৰ । সমষ্টিটোৰ ৰাইজক আশ্বাস প্ৰদান কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁ পূৰ্বৰে পৰা আমেঠিৰ ৰাইজৰ সৈতে আছিল, আছে আৰু ভৱিষ্যতেও থাকিব । কংগ্ৰেছ প্ৰাৰ্থী কে এল শৰ্মাৰ সমৰ্থনত আয়োজিত ইণ্ডিয়া ব্লকৰ ৰেলীত বিৰোধী দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে ।

Lok Sabha Election 2024
আমেঠিৰ আছিলো, আছো আৰু থাকিম:ৰাহুল গান্ধী (ANI)

নেশ্যনেল ডেস্ক,১৭ মে': 'প্ৰধানমন্ত্ৰীয়ে সংবিধান পুনৰ ৰচনা কৰাৰ প্ৰয়াস কৰিছে ।' এই অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আমেঠিত কংগ্ৰেছ তথা ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী কে এল শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজহুৱা ৰেলীত অংশ গ্ৰহণ কৰে । ৰেলীটোত ভাষণ প্ৰদান কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।

কংগ্ৰেছ প্ৰাৰ্থী কে এল শৰ্মাৰ সমৰ্থনত প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে কয় যে তেওঁ ৪২ বছৰ পূৰ্বে পিতৃৰ সৈতে প্ৰথমবাৰৰ বাবে আমেঠিলৈ আহিছিল । তেওঁ ৰাজনীতিৰ বিষয়ে যি শিকিছে আমেঠিৰ ৰাইজে তেওঁক শিকাইছে । ৰাহুল গান্ধীৰ মতে সেই সময়ত কোনো পথ নাছিল আৰু কোনো উন্নয়ন হোৱা নাছিল । তেওঁ তাত ৰাইজ আৰু পিতৃৰ মাজত প্ৰেমৰ সম্পৰ্ক প্ৰত্যক্ষ কৰিছে । সেয়ে তেওঁ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও তেওঁ আমেঠিৰ আছিল, আছে আৰু থাকিব ।

তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনক 'বিশেষ নিৰ্বাচন' বুলিও অভিহিত কৰে । ৰাহুল গান্ধীয়ে হাতত সংবিধানৰ এখন প্ৰতিলিপি লৈ কয় যে প্ৰথমবাৰৰ বাবে এটা ৰাজনৈতিক দল আৰু ইয়াৰ নেতাসকলে স্পষ্টকৈ কৈছে যে তেওঁলোকে সংবিধানখন পুনৰ ৰচনা কৰিব । কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটো ৰেলীটোত উপস্থিত থাকে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে মোদীয়ে সংবিধান ধ্বংস কৰিব বিচাৰে । যদি ই ধ্বংস হয় তেন্তে কোনো ৰাজহুৱা খণ্ড নাথাকিব, চাকৰি নাথাকিব, আকাশলঙ্ঘী মুদ্ৰাস্ফীতি, সংৰক্ষণৰ সমাপ্তি ঘটিব আৰু ৰাইজৰ সকলো অধিকাৰ এটা এটাকৈ কাঢ়ি লোৱা হ'ব ।

ৰাহুল গান্ধীৰ মতে ভাৰতত কেৱল ২২-২৫ গৰাকী ধনী লোক থাকিব যাৰ অধিকাৰ সংবিধান অবিহনে সুৰক্ষিত কৰা হ'ব । বাকী কৃষক, শ্ৰমিক, যুৱ, মাতৃ আৰু ভগ্নীসকলৰ অধিকাৰ কাঢ়ি লোৱা হ'ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে । একেটা ৰেলীতে ভাষণ প্ৰদান কৰি এছ পি প্ৰধান অখিলেশ যাদৱে কয় যে লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪০ খন আসন পাবলৈ সংগ্ৰাম কৰিব । বিজেপিৰ ৰথ ডুবিছে বুলিও তেওঁ দাবী কৰে ।

গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে জনাজাত আমেঠিত কে এল শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক:ওড়িশাত নবীন পাটনায়ক চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.