ETV Bharat / politics

ওড়িশাত নবীন পাটনায়ক চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 12:50 PM IST

Himanta Biswa Sarma Attack BJD : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল ৰাজ্যখনৰে নহয়, ৰাষ্ট্ৰীয় স্তৰৰো এতিয়া এগৰাকী অন্যতম প্ৰধান নেতা । যাৰ বাবে তেওঁ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ষ্টাৰ কেম্পেইনাৰৰ ভূমিকা পালন কৰি আছে । বৰ্তমান দেশৰ বিভিন্ন ৰাজ্যত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা হিমন্ত বিশ্ব শৰ্মাই ওড়িশাত নবীন পাটনায়ক চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

Himanta Biswa Sarma Attack BJD
ওড়িশাত নবীন পাটনায়ক চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৭ মে' : অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ তাৰকা প্ৰচাৰক হিমন্ত বিশ্ব শৰ্মা বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে । দেশৰ লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰীগৰাকী ।

এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে ওড়িশা । ওড়িশাত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেওঁৰ ঘনিষ্ঠ সহযোগী ভি কে পাণ্ডিয়ান তথা বিজু জনতা দলক তীব্ৰ আক্ৰমণ কৰে । তেওঁ ৰাজ্যখনৰ কেইবাখনো ঠাইত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰক বিভিন্ন বিষয়ৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লয় ।

লগতে ৰত্ন ভাণ্ডাৰৰ ছাবি নাইকিয়া হোৱা আৰু শ্ৰমিকৰ প্ৰব্ৰজনৰ বিষয়কে ধৰি কেইবাটাও বিষয় উত্থাপন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । আনহাতে, ৰাজহুৱা সভাত সমবেত লোকসকলক সম্বোধন কৰি তেওঁ দৃঢ়তাৰে কয় যে মোদীৰ গেৰাণ্টিৰ অৰ্থ হৈছে প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ নিশ্চয়তা ।

"আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ওড়িশাৰ যুৱক-যুৱতী আৰু কৃষকসকলে তেওঁলোকৰ উপযুক্ত ন্যায় পোৱা উচিত । কিন্তু পাণ্ডিয়ান এই পথত হেঙাৰ হিচাপে থিয় হৈ আছে । সেয়েহে আমি এইটো নিশ্চিত কৰিব লাগিব যে ওড়িশা যাতে পাণ্ডিয়ানমুক্ত হয় আৰু ইয়াত নৰেন্দ্ৰ মোদীৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ থাকিব লাগে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঝাৰচুগুড়া আৰু সুন্দৰগড় জিলাৰ বেলপাহাদ আৰু বোনাইতো 'বিজয় সংকল্প সমাবশ'ত অংশগ্ৰহণ কৰে আৰু দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় । তেওঁ জটনী ছটবৰাত এখন ৰাজহুৱা সভাত ভাষণ দি কয়, "পুৰী শ্ৰীমন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ ছাবি পাণ্ডিয়ানে লুকুৱাই ৰাখিছে । তেওঁ 10 জুনৰ পূৰ্বে ছাবিবোৰ ঘূৰাই দিব লাগে, নতুবা আমি যিকোনো মূল্যৰ বিনিময়ত ছাবি বিচাৰি উলিয়াম । যেতিয়া সকলোৱে সম্ভৱ নহয় বুলি ভাবিছিল, তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰ সম্ভৱ কৰি তুলিছিল । একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰত্ন ভাণ্ডাৰৰ ছাবি বিচাৰি উলিয়াব ।" অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ এই আক্ৰমণৰ বিজেডিৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক :স্বাতী মালিৱাল আক্ৰমণ গোচৰক লৈ কেজৰিৱালক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ - Swati Maliwal Assault Case
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.