ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশ্ব ৰক্তদাতা দিৱস পালন - World Blood Donor Day 2024 - DONATING BLOOD TO LIFE

🎬 Watch Now: Feature Video

thumbnail
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 14, 2024 at 8:10 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ১৪ জুন: বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শুকুৰবাৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় । এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।‌ উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ বিভূতি ভূঞাই ৰাইজক ৰক্তদানৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।  

আজি ৫০ গৰাকী ৰক্তদাতাই ৰক্তদান কৰে বুলি সদৰী কৰে ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াগৰাকীয়ে । তেওঁ কয় যে ৰক্তদান জীৱনদান । তেজৰ যথেষ্ট অভাৱ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজে ৰক্তদানৰ বাবে আগবাঢ়ি আহিব লাগে । ‌আজি ৰক্তদান কৰা সকলক চিকিৎসালয় কৰ্তৃপক্ষই আদৰণি জনায় । ৰক্তদান কৰি সমাজসেৱক মুকুট ৰঞ্জন দাসেও জনসাধাৰণক ৰক্তদান কৰিবলৈ আহ্বান জনায় ।‌ উল্লেখ্য যে সমাজসেৱক গৰাকীয়ে ইতিমধ্যে ৩৬ বাৰ ৰক্তদান কৰিছে ।

লগতে পঢ়ক:ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক - World Blood Donor Day 2024

আজি বিশ্ব ৰক্তদাতা দিৱস: ৰক্তদান সন্দৰ্ভত জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা - World Blood Donor Day

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details