ETV Bharat / sports

কোন ? ছেহৱাগৰ সমালোচনাৰ এটা শব্দত প্ৰতিক্ৰিয়া ছাকিবৰ - T20 World Cup 2024

Shakib on Sehwags Criticism : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে বাংলাদেশৰ অলৰাউণ্ডাৰ ছকিব আল হাছানক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত ছাকিবে কয় যে তেওঁ কাকো একো উত্তৰ দিবলৈ নাই । আনহাতে, ছেহৱাগৰ সমালোচনা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ এক ব্যংগাত্মক মন্তব্যও কৰে ।

Shakib on Sehwags Criticism
চাকিব আল হাছান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:15 PM IST

স্প’ৰ্টছ ডেস্ক, ১৪ জুন: বৃহস্পতিবাৰে বাংলাদেশ আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত মেচৰ পিচত বাংলাদেশৰ অভিজ্ঞ ক্ৰিকেটাৰ ছাকিব আল হাছানৰ ফৰ্মক লৈ বীৰেন্দ্ৰ ছেহৱাগে কৰা সমালোচনাৰ উত্তৰ দিছে ছাকিবে ।

চলিত টি-২০ বিশ্বকাপৰ প্ৰথম দুখন মেচত শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ৮ আৰু ৩ ৰাণ সংগ্ৰহ কৰি ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটলৈ দুৰ্বল প্ৰত্যাৱৰ্তন কৰে । অৱশ্যে তেওঁ নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচখনত ৪৬ টা বলত ৬৪ ৰাণৰ এক 'মেচ উইনিং' ইনিংছেৰে পুনৰ গৰজি উঠে । তেওঁৰ এই ইনিংছটোৰ সহায়তে বাংলাদেশে মেচখনত জয়লাভ কৰে আৰু ছুপাৰ এইটত প্ৰৱেশ কৰে ।

আনহাতে, প্ৰথম দুখন মেচত তেওঁৰ দুৰ্বল প্ৰদৰ্শনৰ পিচত বহু ক্ৰিকেট বিশেষজ্ঞৰ সমালোচনাৰ সন্মুখীন হৈছিল ছাকিব । বীৰেন্দ্ৰ ছেহৱাগো তাৰে ভিতৰত এজন আছিল । কিন্তু এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে বাংলাদেশৰ অলৰাউণ্ডাৰগৰাকীয়ে কোনে এই মন্তব্য কৰিছিল বুলিহে ওলোটাই সোধে ।

"এগৰাকী খেলুৱৈ কেতিয়াও আন কাৰো উত্তৰ দিবলৈ নাহে (খেলপথাৰত) ।" মেচৰ অন্তত সংবাদমেলত ছাকিবে কয় । "এগৰাকী খেলুৱৈৰ কাম হ'ল বেটাৰ হ'লে বেটিং কৰি দললৈ অৱদান আগবঢ়োৱা । যদি তেওঁ এজন বলাৰ হয় তেন্তে ভাল বলিং কৰা, কিয়নো কেতিয়াবা উইকেট পোৱাটোও ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে । যদি তেওঁ ফিল্ডাৰ হয় তেন্তে ৰাণ ৰক্ষা কৰা আৰু তেওঁলৈ অহা কেচবোৰ আয়ত্ত কৰা ।" ছাকিবে লগতে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ছেহৱাগে ছাকিবৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছিল । "যদি তেওঁক (ছাকিব) অভিজ্ঞতাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল, তেন্তে আমি সেয়া চাব পৰা নাই । এই উইকেটত অন্ততঃ কিছু সময় অতিবাহিত কৰক, এনে নহয় যে আপুনি (মেথিউ) হেডেন বা (আডাম) গিলক্ৰিষ্ট, যিয়ে এটা শ্বৰ্ট বলৰ পুল শ্বট খেলিব পাৰে । আপুনি কেৱল এজন বাংলাদেশৰ খেলুৱৈ । আপোনাৰ মান অনুসৰি খেলিব । যিহেতু আপুনি হুক বা পুল খেলিব নোৱাৰে, সেয়েহে আপুনি যিবোৰ জানে সেই ষ্ট্ৰোকবোৰহে খেলিব লাগে ।" ছেহৱাগে সোমবাৰে এটা ক্ৰিকবাজ শ্ব'ত এনেদৰে কৈছিল ।

লগতে পঢ়ক :নেডাৰলেণ্ডক ২৫ ৰাণত পৰাস্ত বাংলাদেশৰ, পুনৰ উজলিল অভিজ্ঞ শ্বাকিব - ICC T20 World Cup 2024

লগতে পঢ়ক :ফ্ল’ৰিডাত বৰষুণৰ বিধি-পথালি; ভাৰত আৰু কানাডাৰ মেচকে ধৰি তিনিখন খেল পৰিত্যক্ত হোৱাৰ সম্ভাৱনা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.