ETV Bharat / entertainment

ৰাজকুমাৰ ৰাওক অভিনয়ৰ ক্লাছ আৰম্ভ কৰিবলৈ ক’লে খিলাড়ীয়ে - Rajkummar Rao new movie

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:13 PM IST

Rajkummar Rao new movie: শেহতীয়াকৈ মুক্তি পোৱা শ্ৰীকান্তৰ সফলতা বাৰুকৈয়ে উপভোগ কৰিছে ৰাজকুমাৰ ৰাওৱে । দৰ্শকৰ পৰা মৰম আহৰণ কৰাৰ পিচত এতিয়া ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ পৰা প্ৰশংসা লাভ কৰিছে অভিনেতাগৰাকীয়ে । শ্ৰীকান্ত ছবিখনৰ মূল ব্যক্তিজনৰ বিষয়ে অক্ষয়ে কি ক’লে জানিবলৈ বাতৰিটো পঢ়ক-

Rajkummar Rao new movie
ৰাজকুমাৰ ৰাও (etv bharat)

চিটাৰা ডেস্ক, 17 মে’ : ৰাজকুমাৰ ৰাওৱে তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত শ্ৰীকান্ত - আ ৰহা হে সবকি আখে খোলনে ৰ বাবে প্ৰশংসা লাভ কৰিছে । তুষাৰ হিৰানন্দানীৰ দ্বাৰা পৰিচালিত জীৱনীমূলক নাটকখনে দৰ্শক আৰু প্ৰসিদ্ধ ব্যক্তিসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে । "শ্ৰীকান্ত" আৰু ছবিখনত ৰাজকুমাৰৰ অভিনয়ক লৈ শেহতীয়াকৈ প্ৰশংসা কৰা ব্যক্তিজন হৈছে অক্ষয় কুমাৰ ।

Rajkummar Rao new movie
ৰাজকুমাৰ ৰাওৰ সফলতা (etv bharat)

শুকুৰবাৰে, অক্ষয়ে ছ'চিয়েল মিডিয়াত ছবিখন আৰু আগশাৰীৰ ব্যক্তি ৰাজকুমাৰৰ প্ৰতি তেওঁৰ মনোভাৱ শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰাম ষ্ট'ৰীজলৈ গৈ অক্ষয়ে লিখে, "একো অসম্ভৱ নহয় । শ্ৰীকান্ত' এখন অৱশ্যেই চাবলগীয়া চিনেমা ! পিকচাৰ দেখ কে মজ্জা আ গয়া ৷" তাৰ পিচত অভিনেতাজনে ৰাজকুমাৰৰ প্ৰশংসা কৰি লিখে, "ভাই আব টু এক্টিং কি ক্লাছ চুৰু কৰ দে । আপুনি সাধাৰণভাৱে বহু মেধাৱী !"

লগতে পঢ়ক: ইতিমধ্যেই আপ্লুত দৰ্শক; মাথো অপেক্ষা ছবিখনৰ মুক্তিলৈ - Kartik Aaryan upcoming movies

ৰাজকুমাৰে খুব সোনকালে এই ষ্ট’ৰীৰ প্ৰত্যুত্তৰ দিয়ে । তেওঁৰ হেণ্ডেলত অক্ষয়ৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী পুনৰ শ্বেয়াৰ কৰি তেওঁ লিখে, "আপোনাক বহুত ধন্যবাদ, মোৰ আটাইতকৈ মৰমৰ @akshaykumar ছাৰ । আপছে হি শিখতে হে ছাৰ । ইউ আৰ দ্য বেষ্ট ।"

Rajkummar Rao new movie
ৰাজকুমাৰ ৰাওক প্ৰশংসা (etv bharat)

২০১০ চনত লৱ্ ছেক্স ঔৰ ধোখাৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰাজকুমাৰে বিভিন্ন ধৰণৰ ধাৰাত অভিনয় কৰি এটাৰ পিচত এটা স্মৰণীয় প্ৰদৰ্শন আগবঢ়াই আহিছে । গুৰগাঁৱত জন্মগ্ৰহণ কৰা তাৰকাগৰাকী বৰ্তমান চলচ্চিত্ৰ প্ৰচাৰত ব্যস্ত হৈ আছে । বৰ্তমানলৈকে প্ৰশংসা লাভ কৰি থকা শ্ৰীকান্ত ছবিখন ১০ মে'ত মুক্তি পাইছিল ৷ এতিয়া জাহ্নৱী কাপুৰৰ সৈতে তেওঁৰ হাতত মিষ্টাৰ আৰু মিচেছ মাহী আছে ৷ আহিবলগীয়া চলচ্চিত্ৰখন শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত আৰু ৩১ মে'ত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক : এটা গানৰ বাবেই দুয়োৰে মাজত প্ৰেমৰ বু বু-বা বা - Janhvi Rajkummar movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.