ETV Bharat / state

পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 4:16 PM IST

Plastic Free Assam : প্লাষ্টিক এতিয়া প্ৰকৃতিৰ বাবে হৈ পৰিছে প্ৰদূষণৰ কাৰক । ৰাজ্য চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক বৰ্জন কৰিবলৈ জনাই আহিছে আহ্বান ৷ এইক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হ্ৰাস পোৱা নাই প্লাষ্টিকৰ ব্যৱহাৰ ।

Plastic Free Assam
প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ অভিযান (ETV BHARAT ASSAM)

মৰাণ, ১ জুন: 'প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ' লক্ষ্য়ৰে আৰম্ভ হ'ল এক দুঃসাহসিক যাত্ৰা । পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে গুৱাহাটীলৈ এক দুঃসাহসিক যাত্ৰা ডিব্ৰুগড়ৰ এজন যুৱকৰ । নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈৰ লগত আন তিনিজন বন্ধু ।

পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা (ETV BHARAT ASSAM)

এই যাত্রাকালত বুমনি নামৰ নাওখন বিশাল ব্ৰহ্মপুত্ৰত উপঙি থকা, প্লাষ্টিকৰ পেলনীয়া বটল আৰু আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ । প্ৰকৃততে বুমনিৰ উদ্দেশ্যই হৈছে অসম আৰু অসমীয়া জাতিৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰা । শনিবাৰৰ পৰা ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈ আৰম্ভ হ'ল এই যাত্ৰা ।

প্লাষ্টিকৰ পেলনীয়া বটল বুটলি মুঠ ৩০০০ টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন । ২৮ ফুট দীঘল ৫ ফুট বহল নাওখন লৈ এই দুঃসাহসিক যাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ ঋতুপৰ্ণ বৰুৱাই ।

১৩ দিনত প্ৰায় ৪৫০ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ গুৱাহাটীত তিনি সতীৰ্থৰ সৈতে উপস্থিত হ'ব ধীৰাজ বিকাশ গগৈ । আজি যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত বহু সচেতন ব্যক্তি উপস্থিত হৈ দুঃসাহসিক যাত্ৰাৰ বাবে ধীৰাজ বিকাশ গগৈ আৰু সহযোগী বন্ধুক জনাইছে শুভেচ্ছা ।

উল্লেখ্যযোগ্য যে ২০২১ ত প্লাষ্টিকৰ বটলৰ নাৱেৰে ধীৰাজ বিকাশ গগৈয়ে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা মাজুলী,দিহিংমুখ আদি ঠাইলৈও একেই থিম লৈ যাত্রা কৰিছিল । ৰাইজৰ সঁহাৰি লাভ কৰিছিল । বৰ্তমান সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে দমে দমে উটি গৈছে প্ৰতিদিনে প্লাষ্টিকৰ বটল আৰু প্লাষ্টিকৰ আন সামগ্ৰী । তেনে সময়ত প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ কৰাৰ বাবে ধীৰাজ বিকাশ গগৈৰ অভিনৱ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক:প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ - Plastic Free Brahmaputra

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নাও প্ৰস্তুত এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.