কামাখ্যা ধামত সেৱা ল’লে দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ কেশৱ মহাৰাজে - Keshav Maharaj Visits Kamakhya
IPL MATCH GUWAHATI : শক্তিপীঠ কামাখ্যা ধামত দেখা গ’ল দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ কেশৱ মহাৰাজক ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ক্ৰিকেটাৰগৰাকীয়ে দর্শন কৰিলে শক্তিপীঠ কামাখ্যা ধাম ৷

Published : May 17, 2024 at 6:33 PM IST
গুৱাহাটী, 17 মে’ : গুৱাহাটী মহানগৰীত এতিয়া ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তাৰকাৰ ভিৰ ৷ তাৰ মাজতেই শুকুৰবাৰে শক্তিপীঠ কামাখ্যা ধামত দেখা গ’ল দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ কেশৱ মহাৰাজক ৷ বৰ্ষাপাৰাত 19 মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দলৰ অন্তিমখন লীগ মেচৰ পূৰ্বে কামাখ্যা ধামত দেখা গ’ল তাৰকা স্পীনাৰগৰাকীক ৷
শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ক্ৰিকেটাৰ কেশৱ মহাৰাজে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ক্ৰিকেটাৰগৰাকীয়ে দর্শন কৰিলে শক্তিপীঠ কামাখ্যা ধাম ৷ কামাখ্যা দৰ্শন কৰি কেশৱ মহাৰাজে কয়- ‘‘ভগৱান আমাৰ দলৰ লগত থাকিব ৷ তৃতীয়বাৰলৈ গুৱাহাটীলৈ আহিছোঁ ৷ ইয়ালৈ আহি ভাল লাগিছে ৷’’
লগতে পঢ়ক : কাজিৰঙাৰ মনোৰম পৰিৱেশত ৰাজস্থান ৰয়েলছ দলৰ প্ৰমোদ বিহাৰ - RR TEAM IN Kaziranga
উল্লেখ্য যে আই পি এলৰ অন্তিম দুখন লীগ মেচত অংশ লোৱাৰ বাবে গুৱাহটীলৈ অহা ৰাজস্থান ৰয়েলছৰ এটা তেৰজনীয়া দলে বৃহস্পতিবাৰে কাজিৰঙা ভ্ৰমণ কৰাৰ লগতে দলটোৰ আন কিছু সদস্যই গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰীত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দর্য উপভোগ কৰে ৷
অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগত দলটোৰ দেশী-বিদেশী খেলুৱৈ তথা বিষয়াসকলক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হয় ৷
লগতে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ উজান বজাৰ ঘাটত ৰাজস্থান ৰয়েলছ দলৰ ক্ৰিকেটাৰসকলে ৰিভাৰ ছাফাৰীত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দর্য উপভোগ কৰে ৷ 15 মে’ত পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিচত 19 মে'ত অন্তিমখন লীগ পৰ্যায়ৰ মেচত বৰ্ষাপাৰা ষ্টেডিয়ামত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব ৷
লগতে পঢ়ক : পাণপুৰ বনাঞ্চলৰ সৌন্দৰ্য উপভোগ ৰাজস্থান ৰয়েলছ দলৰ - RR Team Visits Panpur Forest

