চিৰসেউজ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ৮৯ সংখ্যক ওপজা দিন - Prominent painter Neel Pawan Baruah

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:44 PM IST

thumbnail
চিৰসেউজ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ৮৯ সংখ্যক ওপজা দিন (ETV BHARAT ASSAM)

গুৱাহাটী, ১ জুন: আজন্ম প্ৰেমিক, চিৰসেউজ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আজি ৮৯ সংখ্যক ওপজা দিন । চিত্ৰশিল্পীগৰাকীৰ জন্মজয়ন্তী উপলক্ষ্যে বেলতলা সৌৰভনগৰস্থিত বসুন্ধৰা কলা নিকেতনত উপস্থিত হয় শুভাকাংক্ষী আৰু গুণমুগ্ধসকল । পুৱাই নীলপৱন বৰুৱাৰ ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে গুণমুগ্ধসকলে ।

আজিৰ এই বিশেষ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰে চিত্ৰশিল্পী নীলপৱন বৰুৱাক । নীলপৱন বৰুৱাৰ জন্মদিন উপলক্ষে দেওবাৰে বসুন্ধৰা কলা নিকেতনত অনুষ্ঠিত কৰা হ’ব চিত্ৰাংকন প্ৰতিযোগিতা । ১৯৩৬ চনৰ ১ জুনত যোৰহাটৰ টীয়কত জন্ম লাভ কৰা বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে ২০২২ চনৰ ২৮ অক্টোবৰত ইহলীলা সম্বৰণ কৰে ।

অসমত ব্যক্তিগত খণ্ডত চিত্ৰশিল্পৰ বিদ্যালয় স্থাপনৰ বাটকটীয়া হৈছে নীলপৱন বৰুৱা । তেৱেঁই অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় 'বসুন্ধৰা কলা নিকেতন' স্থাপন কৰে । ইয়াৰ পাচৰে পৰা নীলপৱন বৰুৱাই চিত্ৰশিল্পকে তেওঁৰ জীৱনৰ অন্যতম ব্ৰত আৰু সাধনা হিচাবে গ্ৰহণ কৰি মৃত্যুৰ আগমুহূৰ্তলৈকে এই কলাৰ লগত জড়িত হৈ থাকে ।

লগতে পঢ়ক: "প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie

লগতে পঢ়ক: তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল - Interview With Sankalpajit Hazarika

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.