ETV Bharat / state

পাণপুৰ বনাঞ্চলৰ সৌন্দৰ্য উপভোগ ৰাজস্থান ৰয়েলছ দলৰ - RR Team Visits Panpur Forest

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:12 PM IST

RR Team Visits Panpur Forest: জামুগুৰিহাটত আইপিএলৰ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দল । উপভোগ কৰিলে পাণপুৰ বনাঞ্চলৰ সৌন্দৰ্য । ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ ৰাজস্থান ৰয়েলছৰ কেৰিবিয়ান বিষয়ববীয়া ।

RR Team Visits Panpur Forest
জামুগুৰিহাটত উপস্থিত ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দল (ETV Bharat Assam)

পাণপুৰ বনাঞ্চলৰ সৌন্দৰ্য উপভোগ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দলৰ (ETV Bharat Assam)

চতিয়া, ১৭ মে': বৰ্তমান অসমত বাহৰ পাতি থকা আইপিএলৰ ফ্ৰেঞ্চাইজী দল ৰাজস্থান ৰয়েলছৰ এটা দল শুকুৰবাৰে জামুগুৰিহাটত উপস্থিত হয় । ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দলটোৱে ছয়খনকৈ বিলাসী লেণ্ড ৰভাৰ ডিফেনডাৰ গাড়ীৰে আহি জামুগুৰিহাটত উপস্থিত হয় । ১৪ জনীয়া ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দলটোৱে দিনৰ ৯ বজাত জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পাণপুৰ বনাঞ্চল পৰিভ্ৰমণ কৰে ।

কাজিৰঙাৰ এই ষষ্ঠ সংযোজনৰ নৈসৰ্গিক সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰা ৰাজস্থান ৰয়েলছৰ অফিচিয়েল দলটোৱে ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুসমূহো প্ৰত্যক্ষ কৰে । আনহাতে, নিচেই ওচৰৰ পৰা এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হৈ পৰে আইপিএলৰ চলিত ছিজনত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা দলটোৰ বিষয়বীয়াসকল ।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছৰ ঘৰুৱা ষ্টেডিয়াম হিচাপে স্বীকৃতি দিয়া হৈছে । চলিত ছিজনত ৰাজস্থান ৰয়েলছে এইবাৰ গুৱাহাটীত দুখন খেলৰ সময়সূচী লাভ কৰিছে । সেই অনুযায়ী ১৫ মে'ত দলটোৱে পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে অহা ১৯ মে'ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপৰীতে অৱতীৰ্ণ হ'ব সঞ্জু ছেমচন নেতৃত্বাধীন দলটো ।

এতিয়া ১৯ তাৰিখৰ খেলৰ পূৰ্বে মাজত কেইটামান দিন হাতত থকাত ৰাজ্যখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে থলুৱা কলা-সংস্কৃতি তথা খাদ্য-সম্ভাৰৰ জুতি লৈছে দলটোৰ খেলুৱৈ তথা অন্য়ান্য বিষয়ববীয়াসকলে ।

ইতিমধ্যে বৃহস্পতিবাৰে দলটোৰ খেলুৱৈসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ পিচত শুকুৰবাৰে জামুগুৰিহাটত উপস্থিত হয় অফিচিয়েল দলটো । উল্লেখ্য যে দলটোৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আতিথ্যৰ অতি উচ্চ প্ৰশংসা কৰে । লগতে অসম সন্তান ৰিয়ান পৰাগৰো ভূয়সী প্ৰশংসা কৰে ।

লগতে পঢ়ক :কাজিৰঙাৰ মনোৰম পৰিৱেশত ৰাজস্থান ৰয়েলছ দলৰ প্ৰমোদ বিহাৰ - RR TEAM IN Kaziranga

লগতে পঢ়ক :সম্ভাৱনাপূৰ্ণ খেলুৱৈলৈ সুখবৰ; বেগী বলাৰৰ সন্ধানত নামিছে অসম ক্ৰিকেট সন্থা - OPEN CAMP FOR PACE BOWLER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.