ETV Bharat / bharat

মণিপুৰ আৰক্ষী- Assam Rifles ৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

author img

By

Published : Nov 14, 2021, 9:13 PM IST

মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ ফুন্দ্ৰেই বেটেলিয়নে ২০ ৰাউণ্ড এম ৭৯ গ্ৰেনেড লাঞ্চাৰ উদ্ধাৰ কৰিছে । সন্দেহযুক্ত উগ্ৰপন্থীয়ে পাঁচজন সৈনিক আৰু দুজন নাগৰিকসহ প্ৰায় সাতজন লোকক হত্যা কৰাৰ পিছতে সম্প্ৰতি এই ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ।

SECURITY FORCES RECOVER M79 GRENADES FROM MANIPUR
মণিপুৰ আৰক্ষীৰ সৈতে Assam Rifles ৰ এক যুটীয়া অভিযানত উদ্ধাৰ কৰিছে বিস্ফোৰক সামগ্ৰী

তেজপুৰ, ১৪ নৱেম্বৰ : Spear Corps ৰ অধীনত মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ ফুন্দ্ৰেই বেটেলিয়নে কাকচিংৰ ৱাবাগাই য়ানবি উচ্চ বিদ্যালয়ৰ ওচৰত ২০ ৰাউণ্ড এম ৭৯ গ্ৰেনেড লাঞ্চাৰ ( ইয়াক লাথোড নামেৰেও জনা যায়) উদ্ধাৰ কৰিছে । ৱাবাগাই য়াংবিৰ ওচৰত যুদ্ধ সামগ্ৰীৰ ভাণ্ডাৰ সম্পৰ্কে থকা গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায় বাহিনীটোৱে ৷

SECURITY FORCES RECOVER M79 GRENADES FROM MANIPUR
অভিযানত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে আৰম্ভ কৰা এই যুটীয়া অভিযানত এটা পাটৰ মোনাত লুকুৱাই থোৱা 20 ৰাউণ্ড গ্ৰেনেড উদ্ধাৰ হৈছে । পিছত, উদ্ধাৰ হোৱা সামগ্ৰীবোৰ বোমা নিষ্কাশনকাৰী দলৰ দ্বাৰা ইন-চিটুত ধ্বংস কৰা হয় । উল্লেখযোগ্য যে, শনিবাৰৰ দিনটোত মণিপুৰত অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰ এজনৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত অসম ৰাইফলছৰ কমাণ্ডেণ্ট গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকল নিহত হয় ৷

জিলাখনৰ এছ চাইখোম গাঁৱত সংঘটিত এই ঘটনাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে পাঁচজন সৈনিক আৰু দুজন নাগৰিকসহ প্ৰায় সাতজন লোকক হত্যা কৰাৰ কথা জানিব পৰা গৈছে । সম্প্ৰতি এই ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইতিমধ্যে, দেশজুৰি সন্ত্ৰাসবাদৰ এই ঘটনাৰ বিৰুদ্ধে সকলোৱে সমস্বৰে ধিক্কাৰ দিয়া দেখা গৈছে ৷

লগতে পঢ়ক : Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.