Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

By

Published : Nov 14, 2021, 1:20 PM IST

thumbnail

শনিবাৰে মণিপুৰত আছাম ৰাইফলছ(Assam Rifles)ৰ জোৱান তথা পৰিয়ালৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাই শোকস্তব্ধ কৰি তোলে সকলোকে ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সংঘটিত আক্ৰমণৰ ঘটনাত নিহত হৈছিল প্ৰায় 7 গৰাকীকৈ লোক, য’ত এটি 8 বছৰীয়া শিশুও আছে ৷ উক্ত আক্ৰমণৰ ঘটনাত শ্বহীদ হৈছে অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী ৷ শ্বহীদ স্বৰ্গীয়াৰীৰ ঘৰ বাক্সাৰ থৈকাৰাকুছিত ৷ বিগত প্ৰায় 8 বছৰ পূৰ্বে প্ৰয়াত কনক স্বৰ্গীয়াৰীৰ পুত্ৰ সুমন স্বৰ্গীয়াৰীয়ে Assam Rifles ত যোগদান কৰিছিল ৷ শ্বহীদগৰাকীয়ে বৃদ্ধা মাতৃ, পত্নী আৰু এটি দুবছৰীয়া ল’ৰা সন্তানক এৰি থৈ গৈছে ৷ উল্লেখ্য যে, শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীক পূৰ্বতে উগ্ৰপন্থীয়ে হত্যা কৰিছিল ৷ মণিপুৰত জোৱানগৰাকী নিহত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.