দেশত ধাৰাবহিকভাৱে অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু কলকাতাৰ তিনিটাকৈ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Kolkata gas leak incident at factory)৷ বুধবাৰে কলকাতাৰ সমীপৰ খাৰদাহস্থিত এটা কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (2 killed in gas leak)৷
হাৰিয়ানাৰ বাহাদুৰগড়ৰ এৰোফ্লেছ চিলিং মেটেৰিয়েল মেনুফেক্সাৰিং নামৰ এটা কাৰখানাত শ্ৰমিকসকলে টেংক পৰিস্কাৰ কৰি থকা অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হয় (Methane gas leak in Bahadurgarh’s factory)৷ এই ঘটনাত চিকিৎসালয়তে 4 জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (4 laborers death and 2 in critical condition)৷
যোৱা ২৮ জুলাইত ছীল কৰা মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনে পুৱাই উচ্ছেদ চলায় (Morigaon administration eviction in Madrasa)। জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মাদ্ৰাছাখন বন্ধ কৰি দিছিল প্ৰশাসনে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰশাসনে ভাঙি দিয়ে মাদ্ৰাছাখন ।
বুধবাৰে দিল্লীত এগৰাকী 31 বছৰীয়া মহিলাৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে (A woman tested positive for Monkeypox)৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী ভাৰতৰ প্ৰথম মহিলা ৰোগী ৷ ইয়াৰ পিছতে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী (India has reported 9 monkeypox cases)।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক পশ্চিমবংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ(চি আই ডি) চাৰিজনীয়া এটা দল ৷ অসম আৰক্ষীয়ে আটক কৰে চি আই ডিৰ দলটোক । বিমান বন্দৰত চি চি টি ভি ফুটেজৰ কপি সংগ্ৰহ কৰিবলৈ আহিছিল দলটো ৷
মঙলবাৰে বপেটাৰোডৰ সমীপৰ বালাৰভিঠাত লটাৰী আৰু তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই বৰপেটাৰোড আৰক্ষীয়ে নগদ ধনসহ লটাৰী খেলৰ লগত জড়িত পাঁচজন লোকক আটক কৰে (Five traders arrested in Barpeta Road) ৷ আটকাধীন লোককেইজন ক্ৰমে, বৰ্মনপাৰাৰ কৃষ্ণ বৰ্মন, হৰটকীতলাৰ গৌৰাঙ্গ সাহা আৰু সুকুমাৰ সাহা আৰু বালাভিঠাৰ নায়েব আলী আৰু হানিফ আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
'আজাদী কা অমৃত মহোৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে (Har Ghar Tiranga Programme in Assam) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । ইয়াৰ মাজতে পোহৰলৈ আন এক খবৰ । অসমত পতাকাৰ অভাৱ দূৰ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ।
বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছত অসমৰ প্ৰথমটো পদক নিশ্চিত কৰি 2 আগষ্টত ইতিহাস ৰঁচিলে অসম কন্যা নয়নমণি শইকীয়াই (Commonwealth Games 2022) ৷ লনবলছ প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছিল ভাৰতীয় মহিলা দলটোৱে (India women lawn bowls team at CWG) ৷ এই দলটোত আছিল অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ জীয়ৰী নয়নমণি (Assam girl Nayanmoni Saikia won gold in CWG 22) ৷
উত্তৰ পূৰ্বাঞ্চলৰ পৰা 'কা' বাতিলৰ দাবীত 17 আগষ্টত উত্তৰ পূৰ্বাঞ্চলত আন্দোলন ঘোষণা নেছ'ৰ(Neso to hold protest against CAA on August 17) । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিক, বাংলাদেশী মৌলবাদীক শিপাৰ সৈতে নিচিহ্ন কৰা আৰু অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ চীল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী নেছ'ৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । ইয়াৰ লগতে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় নেছ'ৰ উপদেষ্টাগৰাকীয়ে ।
ঝাৰখণ্ডৰ বিধায়কে দাখিল কৰা এজাহাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া । মন্ত্ৰী পীযূষ হাজৰিকাই সমস্ত ঘটনাটো নসাৎ কৰিলেও বিৰোধী দলসমূহ শান্ত হোৱা নাই । ঘটনাটোক লৈ বিৰোধী শিবিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও সেইধৰণে ইছ্যু কৰিব পৰা নাই ।