পানী যোগানৰ নামত ভেল্কিবাজী, এটুপি পানীৰ বাবে হাহাকাৰ 7 খনকৈ গাঁৱত - Scam In JJM Scheme
Scam In JJM Scheme in kaki : ধোঁৱাচাঙত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশুদ্ধ খোৱাপানীৰ বাবে জলজীৱন আঁচনিকে আদি কৰি বিভিন্ন অভিলাসী আঁচনি ৷ প্ৰহসনত পৰিণত 3 কোটি 9 লাখ 97 হাজাৰ টকাৰ হোজাইৰ কাকীৰ পানী যোগান আঁচনি ৷

Published : May 20, 2024 at 8:32 AM IST
|Updated : May 20, 2024 at 10:43 AM IST
হোজাই, 20 মে’ : ৰাজ্য চৰকাৰে জল জীৱন মিচন আঁচনি ৰূপায়ণত কোটি কোটি টকা ব্যয় কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা সময়তে হোজাই জিলাৰ কাকীত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিগত তিনিমাহ ধৰি বিকল কাকীৰ এটি পানী যোগান আঁচনি ৷ খোৱা পানীৰ বাবে 7 খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷
এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে হোজাইৰ 3 নং কাকীৰ 3 নং গাঁৱৰ ৰাইজে । হোজাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনৰ কাকীৰ 3 নং ঠাইচুপাৰ ব্লকত 3 কোটি 9 লাখ 97 হাজাৰ টকা ব্যয়ৰে 2022 চনত 7 খন গাঁৱৰ ৰাইজৰ বাবে স্থাপন কৰা হৈছিল পানী যোগান আঁচনিখন ৷
নিৰ্মাণৰ প্ৰায় 3 মাহ পিচতেই বিসংগতি ঘটে এই আঁচনিত ৷ মাজে মাজে টেংকী লীক হোৱাৰ লগতে পানী ফিল্টাৰ বিপৰীতে পানী ওলাই পৰে বুলি জানিবলৈ দিয়ে গঞাই ৷ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক খবৰ দিলেই অস্থায়ীভাৱে টেংকীটোত যোৰা-টাপলি মাৰে যদিও পৰৱৰ্তী সময়ত পুনৰ পানী লীক হয় ৷ কিন্তু এইবাৰ যোৱা 3 মাহ ধৰি আঁচনিটোৰ যন্ত্ৰ-পাতি বিকল হৈ থকাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷
ইতিমধ্যেই উক্ত অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও, বিভাগীয় কৰ্তৃপক্ষই গা এৰা মন্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজক নিজৰ গাঠিৰ ধন খৰচ কৰি বিকল হৈ থকা পানী যোগান আঁচনিটো ঠিক কৰি ল’বলৈ পৰামৰ্শ দিয়ে বিভাগী কৰ্তৃপক্ষই ।
উল্লেখ্য যে, হোজাই জিলাৰ খৰাং পিৰিত অঞ্চলৰ ভিতৰত অন্যতম অঞ্চল হ’ল বৃহত্তৰ কাকী অঞ্চল ৷ সেইহে তিনি মাহ ধৰি কাকী অঞ্চলৰ ৭ খন গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানী নোপোৱাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উক্ত বিষয় সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: গোলাঘাটত জ্যোৰ্তিময়ী শিশু উদ্যান-যমুনা পানী যোগান আচঁনি উদ্বোধন

