কাঁ চলচ্চিত্ৰ মহোৎসৱত নাগালেণ্ডৰ সংগীতৰ যাদু : আঁৰত এ আৰ ৰহমান - AR Rahman Headhunting to Beatboxing
AR Rahman Headhunting to Beatboxing : হেডহান্টিং টু বিটবক্সিং : এ আৰ ৰহমানৰ মিউজিকেল তথ্যচিত্ৰ ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত উন্মোচন ৷

By ETV Bharat Entertainment Team
Published : May 20, 2024 at 10:52 AM IST
চিটাৰা ডেস্ক, 20 মে’ : ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত একাডেমী বঁটা বিজয়ী সুৰকাৰ এ আৰ ৰহমানে বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰ ‘হেডহান্টিং টু বিটবক্সিং’ পৰিচয় কৰাই দিয়ে । ৰোহিত গুপ্তাৰ দ্বাৰা পৰিচালিত আৰু স্বয়ং ৰহমানে প্ৰযোজনা কৰা এই ছবিখনে সংগীতৰ সাৰ্বজনীন ভাষাক অন্বেষণ কৰি, প্ৰাচীন পৰম্পৰাৰ পৰা আধুনিক প্ৰকাশ ভংগীলৈকে ইয়াৰ বিৱৰ্তনৰ সন্ধান কৰি, নাগালেণ্ডৰ সজীৱ সংগীত পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
একাডেমী বঁটা বিজয়ী সুৰকাৰ এ আৰ ৰহমানে তেওঁৰ শেহতীয়া প্ৰজেক্ট ‘হেডহান্টিং টু বিটবক্সিং’ শীৰ্ষক বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰখনৰ প্ৰথম লুক আৰু ট্ৰেইলাৰ মুকলি কৰিছে । ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ভাৰত পেভিলিয়নত আয়োজন কৰা হয় এই উন্মোচনী অনুষ্ঠান । ৰোহিত গুপ্তাৰ পৰিচালনা আৰু এ আৰ ৰহমানৰ প্ৰযোজনাত হেডহান্টিং টু বিটবক্সিং ছবিখনে সমগ্ৰ দেশ, জনজাতি আৰু প্ৰজন্মৰ মাজত সংগীতৰ বিৱৰ্তন অনুসৰণ কৰি ছন্দ আৰু শব্দৰ আকৰ্ষণীয় যাত্ৰা অন্বেষণ কৰে ৷
ফিচাৰ ডকুমেণ্টৰীখনৰ বিষয়ে কওঁতে ৰহমানে কয় যে সংগীতৰ এক পৰিৱৰ্তনশীল শক্তি আছে, যিয়ে সমাজ এখন সলনি কৰিব পাৰে ৷ সকলোৰে মাজত সংযোগ স্থাপন কৰিব পাৰে আৰু মানৱ জীৱনৰ অস্তিত্বকৰ অৰ্থ দেখুৱাব পাৰে । হেডহান্টিং টু বিটবক্সিঙৰ জৰিয়তে মানৱতাক ইয়াৰ বিভিন্ন প্ৰকাশ ভংগীৰ জৰিয়তে সংযোগ কৰা সাৰ্বজনীন ছন্দ উদযাপন কৰিব পাৰিব মানুহে । চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনৰ ভ্ৰমণৰ বাবে আমি আগ্ৰহী আৰু ছবিখন সন্দৰ্ভত প্ৰথম ঘোষণা কৰিবলৈ চিনেমা উদযাপন কৰা কাঁ মহোৎসৱতকৈ ভাল ঠাই আৰু কি হ’ব পাৰে ।"
হেডহান্টিং জনজাতিৰ প্ৰাচীন ৰীতি-নীতিৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ সংগীতৰ পুনৰুত্থানলৈকে এই তথ্যচিত্ৰখনে দৰ্শকক এক নিমজ্জিত আৰু শিক্ষামূলক সংগীত নৃতাত্ত্বিক যাত্ৰাৰ সোৱাদ দিব । কাঁ-ৰ ভাৰত পেভিলিয়নত উন্মোচনী অনুষ্ঠানত একাডেমী বঁটা বিজয়ী তথা পদ্মভূষণ বিজয়ী এ আৰ ৰহমান, পৰিচালক ৰোহিত গুপ্তা, কাৰ্যবাহী প্ৰযোজক আবু মেথা (নগালেণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা) আৰু কাৰ্যবাহী প্ৰযোজক থেজা মেৰু (চৰকাৰৰ অধ্যক্ষ, TaFMA) ৰ লগতে অন্যান্য অতিথি আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
"৫ বছৰ নিৰ্মাণৰ অন্তত এই ছবিখনৰ যাত্ৰাটো মোৰ বাবে এক প্ৰকাৰৰ ৰূপান্তৰৰ নিচিনা হৈ পৰিছে । অতীতৰ ভুলবোৰক অতিক্ৰম কৰি সৃষ্টি হোৱা আজিৰ দিনৰ চহকী আৰু ৰঙীন সংগীতে মোক আপ্লুত কৰে । আমাৰ কঠোৰ পৰিশ্ৰম আৰু নাগালেণ্ডৰ সংগীতত থকা যাদুৰ সাক্ষী হোৱা দেখি মই আনন্দিত হৈছো ।" - এইদৰে কয় পৰিচালক ৰোহিত গুপ্তাই ।
ৰহমানৰ পূৰ্বৰ প্ৰজেক্ট ৯৯ গীতৰ পিচত প্ৰযোজক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰহমানৰ এইটো দ্বিতীয়টো উল্লেখযোগ্য প্ৰচেষ্টা ৷

