ETV Bharat / city

CID team from West Bengal: বৰঝাৰ বিমানবন্দৰত পশ্চিমবংগৰ চি আই ডি দলক আটক

author img

By

Published : Aug 3, 2022, 10:59 PM IST

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক পশ্চিমবংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ(চি আই ডি) চাৰিজনীয়া এটা দল ৷ অসম আৰক্ষীয়ে আটক কৰে চি আই ডিৰ দলটোক । বিমান বন্দৰত চি চি টি ভি ফুটেজৰ কপি সংগ্ৰহ কৰিবলৈ আহিছিল দলটো ৷

EtCid team from West Bengalv Bharat
Etv বৰঝাৰ বিমানবন্দৰত পশ্চিমবংগৰ চি আই ডি দলক আটকBharat

গুৱাহাটী, ৩ আগষ্ট: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চি চি টি ভি ফুটেজৰ কপি সংগ্ৰহ কৰিবলৈ অহা পশ্চিমবংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ(চি আই ডি) চাৰিজনীয়া দল এটাক বুধবাৰে অসম আৰক্ষীয়ে আটক কৰে । অসম আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, পশ্চিমবংগৰ চি আই ডিৰ দলটোক আটক কৰি তেওঁলোকে কি কাৰণত বিমানবন্দৰত চি চি টিভি ফুটেজ সংগ্ৰহ কৰিবলৈ আহিছে বুলি প্ৰশ্ন কৰে । পশ্চিমবংগৰ চি আই ডিৰ দলটোৱে ইয়াৰ সমুচিত উত্তৰ আৰু উপযুক্ত নথি দিব নোৱাৰিলে ।

উল্লেখযোগ্য যে, পশ্চিমবংগৰ হাওৰাত অলপতে নগদ ৪৯ লাখ টকাসহ ঝাৰখণ্ড তিনি বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছিল । এই ঘটনা ঝাৰখণ্ডৰ জে এম এম আৰু কংগ্ৰেছৰ মৰ্চা চৰকাৰখন ভঙাৰ অভিসন্ধি আছিল বুলি অভিযোগ উত্থাপন হৈছিল । এই অভিসন্ধিৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আছে বুলি ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয় মংগলে ঝাৰখণ্ড আৰক্ষীক অভিযোগ দাখিল কৰিছিল ।

বিধায়ক জয় মংগলে আৰক্ষীক দাখিল কৰা আভিযোগ পত্ৰত নগদ ধনসহ গ্ৰেপ্তাৰ হোৱা বিধায়ককেইজনে ঝাৰখণ্ডৰ বৰ্তমানৰ চৰকাৰখন ভাঙি বিজেপি চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব পাৰিলে ১০ কোটি টকা আৰু মন্ত্ৰীপদ দিয়াৰ টোপ দিছিল বুলি উল্লেখ কৰিছিল । ইফালে পশ্চিমবংগ আৰক্ষীৰ জেৰাত ঝাৰখণ্ডৰ ধৃত বিধায়ক কেইজনে শাৰী ক্ৰয় কৰিবলৈহে তেওঁলোক কলকতালৈ আহিছিল বুলি কৈছিল । কিন্তু পশ্চিমবংগ আৰক্ষীয়ে সন্দেহ কৰিছে যে, বিধায়ককেইজন দৰাচলতে গুৱাহাটীৰ পৰাহে উভতি গৈছিল । বিধায়ককেইজন গুৱাহাটীলৈ আহিছিল নে নাই সেই কথা নিশ্চিত কৰাৰ উদ্দেশ্যে আজি পশ্চিমবংগৰ চি আই ডি দলটোৱে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰলৈ আহিছিল বুলি চৰ্চা চলিছে ৷

লগতে পঢ়ক : NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.