NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

author img

By

Published : Aug 3, 2022, 8:58 PM IST

NESO advisor Samujjal Kumar Bhattacharjya

উত্তৰ পূৰ্বাঞ্চলৰ পৰা 'কা' বাতিলৰ দাবীত 17 আগষ্টত উত্তৰ পূৰ্বাঞ্চলত আন্দোলন ঘোষণা নেছ'ৰ(Neso to hold protest against CAA on August 17) । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিক, বাংলাদেশী মৌলবাদীক শিপাৰ সৈতে নিচিহ্ন কৰা আৰু অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ চীল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী নেছ'ৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । ইয়াৰ লগতে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় নেছ'ৰ উপদেষ্টাগৰাকীয়ে ।

গুৱাহাটী, 3 আগষ্ট : "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে বাংলাদেশৰ জেহাদী আৰু হুজিৰ দৰে মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে(Jihadi in Assam) ।" এই গুৰুতৰ অভিযোগ তুলিছে নেছ'ৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই(NESO advisor Samujjal Kumar Bhattacharjya) । বুধবাৰে গুৱাহাটীত অনুষ্ঠিত নেছ'ৰ এখন সংবাদমেলত নেছ'ৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই গুৰুতৰ অভিযোগ তুলি কয় যে শেহতীয়াভাবে অসমত বাংলাদেশৰ মৌলবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । এই কথা ৰাজ্য চৰকাৰে নিজে স্বীকাৰ কৰিছে(Assam government comment on Jihad in Assam) ।

নেছ'ৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

তেওঁ অভিযোগ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিজ কৰ্তব্য পালন কৰিব নোৱৰাৰ বাবে বাংলাদেশৰ জেহাদী আৰু হুজিৰ দৰে মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে(Jihadi Threat Looms Large Over Assam) । তেওঁ কয়- কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিনীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাংলাদেশী সমস্যা সমাধান কৰিব নোৱৰা আৰু অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ চীল কৰিব নোৱৰাৰ বাবে অসমলৈ অবাধ অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে । ইয়াৰ ফলত অসমত বাংলাদেশৰ মৌলবাদী আৰু হুজিয়ে শিপাবলৈ সক্ষম হৈছে ।

সংবাদমেলৰ জৰিয়তে নেছ'ৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিক, বাংলাদেশী মৌলবাদী শিপাৰ সৈতে নিচিহ্ন কৰাৰ বাবে আৰু অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ চীল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনায় । সংবাদমেলত নেছ'ৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অবৈধ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশৰ বাবে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হৈছে । বিভিন্ন ভাবুকি আৰু প্ৰতাহ্বানৰ সম্মূখীন হ’বলগা হৈছে ।

তেওঁ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ বাবে সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় । লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে সেনা-বাহিনীৰ বিশেষ অধিকাৰ আইন বাতিল কৰাৰ বাবে আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায় ।

ইপিনে সংবাদমেলত অংশ লৈ নেছ'ৰ অধ্যক্ষ ছেমুৱেল জেওৰাই কয় যে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অবৈধ বাংলাদেশীৰ সমস্যা, নিবনুৱা সমস্যা, উত্তৰ পূৰ্বাঞ্চলত Brain drain ৰ সমস্যা, উগ্ৰপন্থীৰ সমস্যা জটিল হৈ আহিছে । এই সমস্যাবোৰ শীঘ্ৰে সমাধান কৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা 'কা' বাতিল কৰাৰ দাবীত অহা 17 আগষ্টত নেছ'য়ে উত্তৰ পূৰ্বাঞ্চলত আন্দোলনৰ ঘোষণা কৰিছে । সিদিনা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানী চহৰত নেছ'ৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

সংবাদ মেলত খাছী ছাত্ৰ ইউনিয়ন, মণিপুৰী ছাত্ৰ ইউনিয়ন, নাগা ছাত্ৰ ফেডাৰেছন, মিজো ছাত্ৰ ইউনিয়ন, গাৰো ছাত্ৰ ইউনিয়ন, অৰুণাচল প্ৰদেশ ছাত্ৰ ইউনিয়ন আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেছনৰ নেতৃবৃন্দ উপস্থিত আছিল ।

লগতে পঢ়ক : High Level Security Meeting : অৰুণাচলৰ ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীৰ উচ্চস্তৰীয় সুৰক্ষা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.