এজন যুৱকে ৮ বাৰকৈ বিজেপিক দিলে ভোট ! ৰাহুল গান্ধীৰ সকীয়নি - Lok Sabha Election 2024
Lok Sabha Election 2024: দেশত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল । এজন ভোটাৰে বিজেপিক ৮ বাৰকৈ ভোট দিয়া দেখা গৈছে ভিডিঅ'টোত । বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিৰোধী নেতাসকল ।

By PTI
Published : May 20, 2024 at 10:21 AM IST
নেশ্যনেল ডেস্ক,২০ মে': আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা দেশৰ ৬ খন ৰাজ্য আৰু ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াৰ মাজতে সামাজিক মাধ্যমত কেইটামান ভয়ংকৰ ভিডিঅ' ভাইৰেল হৈছে । গণতন্ত্ৰক লজ্জিত কৰা এই ভিডিঅ' কেইটাই ৰাজনৈতিক মহলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে ।
সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই ভিডিঅ' শ্বেয়াৰ কৰিছে । য'ত দেখা গৈছে যে এজন যুৱকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ৮ বাৰকৈ ভোট দিছে । যুৱকজনে এবাৰ দুবাৰ নহয়, ৮ বাৰকৈ ইভিএমত থকা বিজেপিৰ পদুম ফুলৰ চিহ্নৰ সোঁফালে বুটামত টিপিছে । এই ভিডিঅ'ই এতিয়া বিৰোধী দলসমূহৰ ভিতৰচ'ৰাত তোলপাৰ লগাইছে ।
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ কৰ্তব্যত জড়িত সকলো বিষয়াকে বিশেষ আহ্বান জনাইছে । চৰকাৰী হেঁচাৰ সন্মুখীন হৈ সাংবিধানিক দায়বদ্ধতা পাহৰি নাযাবলৈ বিষয়াসকলক ৰাহুল গান্ধীয়ে আহ্বান জনাইছে । ইফালে ইণ্ডিয়া ব্লকে চৰকাৰ গঠন কৰাৰ পিচত সাংবিধানিক শপতক অপমান কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সতৰ্কবাণী দিয়ে ।
এক্সৰ এটা পোষ্টত ৰাহুলে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় পৰাজয়ৰ মুখ দেখি বিজেপিয়ে চৰকাৰী যন্ত্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি গণতন্ত্ৰ লুণ্ঠন কৰিব বিচাৰিছে যাতে জনাদেশ অস্বীকাৰ কৰিব পাৰে ।
অখিলেশ যাদৱে ভিডিঅ'টো শ্বেয়াৰ কৰি কয় যে যদি নিৰ্বাচন আয়োগে অনুভৱ কৰে যে এয়া ভুল তেন্তে কিছু পদক্ষেপ ল'ব লাগিব । অন্যথা, বিজেপিৰ বুথ কমিটী প্ৰকৃততে এক লুণ্ঠন কমিটী হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে ।
কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ এনে অভিযোগৰ পিচতে উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই এক্সৰ এটা পোষ্টত কয় যে ইটাহ জিলাৰ নয়াগাঁও আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে । তেওঁ লগতে কয় যে এজাহাৰৰ ভিত্তিত এজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে আৰু ভোটগ্ৰহণ দলৰ সকলো সদস্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনাও দিয়া হৈছে । ইফালে নিৰ্দিষ্ট ভোটকেন্দ্ৰত ইচিআইক পুনৰ ভোটগ্ৰহণৰ পৰামৰ্শও দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে ।

