Monkeypox Outbreak: ভাৰতত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Aug 4, 2022, 7:01 AM IST

Delhi reports 4th Monkeypox case

বুধবাৰে দিল্লীত এগৰাকী 31 বছৰীয়া মহিলাৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে (A woman tested positive for Monkeypox)৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী ভাৰতৰ প্ৰথম মহিলা ৰোগী ৷ ইয়াৰ পিছতে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী (India has reported 9 monkeypox cases)।

নেশ্যনেল ডেস্ক, 4 আগষ্ট: ভাৰতত সংহাৰী ৰূপ লৈছে মাংকিপক্সে (Monkeypox Outbreaks in India)৷ বুধবাৰে দিল্লীত এগৰাকী 31 বছৰীয়া মহিলাৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি ধৰা পৰে (A woman tested positive for Monkeypox)৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী হৈছে ভাৰতৰ প্ৰথম মহিলা ৰোগী ৷ মহিলাগৰাকীৰ কোনোধৰণৰ ভ্ৰমণৰ ইতিহাস নাই বুলি জানিব পৰা গৈছে ৷

বৰ্তমান মহিলাগৰাকীক দিল্লীৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে (Delhis Monkeypox patient) ৷ ইয়াৰ পূৰ্বে মঙলবাৰে দিল্লীত বাস কৰা এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত শেহতীয়াভাৱে ধৰা পৰিছে মাঙ্কি'পক্সৰ উপস্থিতি ৷ এইজন লোকৰো নাই শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ কোনো তথ্য ৷ দিল্লীত এইয়া চতুৰ্থটো মাঙ্কিপ’ক্স সংক্ৰমণৰ ঘটনা (Delhis 4th Monkeypox patient)। ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 9 গৰাকী ৷

ভাৰতত এতিয়ালৈকে কেৰালাৰ পৰা 5 টা আৰু দিল্লীৰ পৰা 4 টা মাঙ্কিপক্স ঘটনা পোহৰলৈ আহিছে (India has reported 9 monkeypox cases)৷ ইফালে দেশত মাঙ্কিপক্স ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে তিনিখন চিকিৎসালয়ত পৃথক ভাৱে কোঠাৰ ব্যৱস্থা কৰিছে ৷ চফদৰজাং চিকিৎসালয়, আৰ এম এল চিকিৎসালয় আৰু লেডী হাৰ্ডিঞ্জ চিকিৎসালয়ত মাংকিপক্স আক্ৰান্তৰ কাৰণে এই বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

ইয়াৰোপৰি লোক নায়ক জয় প্ৰকাশ নাৰায়ণ (এলএনজেপি) চিকিৎসালয়ত 20 টা , গুৰু তেগ বাহাদুৰ চিকিৎসালয়ত (জিটিবি) 10 টা আৰু ডাঃ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত 10 টা পৃথক কোঠা স্থাপন কৰা হৈছে ৷

এতিয়ালৈকে আই চিএম আৰ, এন আই ভি পুনে আৰু ভি আৰ ডি এলত ২ আগষ্টলৈকে প্ৰায় ১০০ টা মাংকিপক্সৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ ভাৰতত ক্ৰমাৎ মাংকিপক্সৰ ঘটনাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এন চি ডি চি, দিল্লী আৰু এইমছৰ পৰীক্ষাগাৰেও মাঙ্কিপক্সৰ পৰীক্ষা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Another case of monkeypox in Delhi: দিল্লীত পুনৰ এজন মাঙ্কিপ'ক্সত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.