Teer and lottery Gambling: বৰপেটাৰোডত তীৰ আৰু লটাৰী খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Aug 4, 2022, 10:06 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মঙলবাৰে বপেটাৰোডৰ সমীপৰ বালাৰভিঠাত লটাৰী আৰু তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই বৰপেটাৰোড আৰক্ষীয়ে নগদ ধনসহ লটাৰী খেলৰ লগত জড়িত পাঁচজন লোকক আটক কৰে (Five traders arrested in Barpeta Road) ৷ আটকাধীন লোককেইজন ক্ৰমে, বৰ্মনপাৰাৰ কৃষ্ণ বৰ্মন, হৰটকীতলাৰ গৌৰাঙ্গ সাহা আৰু সুকুমাৰ সাহা আৰু বালাভিঠাৰ নায়েব আলী আৰু হানিফ আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে থকা একাংশ অঞ্চলত দীৰ্ঘদিনৰে পৰাই তীৰ, লটাৰী, ড্ৰাগছ, জুৱাৰ আড্ডাৰ দৰে আসামাজিক কাৰ্যৰ দ্বাৰা পৰিৱেশ কলুষিত কৰি তোলাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ অসাধু লোকে নিজৰ লগত অবৈধ লটাৰী টিকট ৰাখি বিক্ৰী কৰি থকাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ ইপিনে ড্ৰাগছৰ বিৰুদ্ধে সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও সম্প্ৰতিও বহু যুৱক ড্ৰাগছৰ জগতখনৰ লগত জড়িত হৈ থকা বুলিও কৰিলে অভিযোগ ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.