ঘৰ-দুৱাৰ পানীৰ তলত, বহু গৰ্ভৱতী মহিলাও আছে আশ্ৰয় শিবিৰত - Floods in Nagaon
Pregnant women at flood camp : ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে নগাঁৱৰ বান পৰিস্থিতিয়ে । শুকুৰবাৰ পৰ্যন্ত প্লাৱিত হৈছে 106 খন ৰাজহ গাওঁ । কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ 78 হাজাৰ লোক আক্ৰান্ত কঁপিলীৰ বানত । শিবিৰত আশ্ৰয় বহু গৰ্ভৱতী মহিলাৰ ।

Published : May 31, 2024 at 9:56 PM IST
নগাঁও, 31 মে’ : কাৰ্বি আংলং জিলাৰ খানদং জলবিদ্যুৎ প্ৰকল্পৰ গেইট খুলি দিয়াৰ পিচৰ পৰাই কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ বিগত কেবাদিন ধৰি বানত আক্ৰান্ত হৈ আছে নগাঁও জিলাৰ কেবাখনো ৰাজহ গাঁও । আনকি দিনক-দিনে যেন জটিল ৰূপ ধাৰণ কৰিছে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতিয়ে । প্ৰতিদিনেই কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ ন ন গাঁও প্লাৱিত হৈছে কপিলীৰ বাঢ়নী পানীত ।

জলমগ্ন ৰাজহ গাঁও : বৃহস্পতিবাৰলৈকে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ মুঠ 37 খনকৈ ৰাজহ গাঁও বানৰ কৱলত পৰাৰ পিচত শুকুৰবাৰে নতুনকৈ 70 খনকৈ ৰাজহ গাঁও প্লাৱিত হয় কঁপিলীৰ বাঢ়নী পানীত । শুকুৰবাৰলৈকে জিলাখনৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ মুঠ 106 খনকৈ ৰাজহ গাঁও প্লাৱিত হয় । ইয়াৰে কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ 80 খন ৰাজহ গাঁও প্লাৱিত হোৱাৰ বিপৰীতে ৰহা ৰাজহ চক্ৰৰ অধীনৰ 26 খনকৈ ৰাজহ গাঁও প্লাৱিত হয় বছৰৰ প্ৰথমটো বানত । কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ৰাজা আলি গাঁও, শিলডুবি গাঁও, সোনাৰোগুৰি, দক্ষিণপাট, লংজাপকে ধৰি মুঠ 80 খনকৈ ৰাজহ গাঁও শুকুৰবাৰে পৰ্যন্ত প্লাৱিত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ কৰা হৈছে । সমান্তৰালকৈ ৰহা ৰাজহ চক্ৰৰ অধীনৰো বন্দুৰা বিল, বৰুৱা বিল, বৰুণগুৰি, আমতলা, বাগলাজানকে আদি কৰি মুঠ 26 খনকৈ ৰাজহ গাঁও প্লাৱিত হয় কঁপিলীৰ বাঢ়নী পানীত ।

লগতে পঢ়ক: ৰেমলৰ তাণ্ডৱ: ডিমা হাছাওত গৃহহীন হৈছে শ শ লোক
নগাঁৱৰ মুঠ কিমান লোক আক্ৰান্ত হৈছে প্ৰথমটো বানত ?
বছৰৰ প্ৰথমটো বানতেই আক্ৰান্ত হৈছে নগাঁৱৰ কেবাসহস্ৰাধিক লোক । শুকুৰবাৰ পৰ্যন্ত বৃদ্ধি পায়েই আছে কপিলীৰ বানত আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰ পৰ্যন্ত কপিলীৰ বানত আক্ৰান্ত হৈছে মুঠ 78 হাজাৰ 756 গৰাকী লোক । চৰকাৰী তথ্য অনুসৰি মুঠ 78 হাজাৰ 756 গৰাকী লোকৰ ভিতৰত কামপুৰ ৰাজহ চক্ৰৰ অধীনৰেই 78 হাজাৰ 539 গৰাকী লোক আক্ৰান্ত হৈছে বানত । ইয়াৰোপৰি কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ মুঠ 1,553 হেক্টৰ কৃষিভূমিও পৰিছে বানৰ কৱলত ।

আশ্ৰয় শিবিৰত গৰ্ভৱতী মহিলা :
নগাঁৱৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ শতাধিক গাঁও বানৰ কৱলত পৰাৰ পিচতেই জিলা প্ৰশাসনে বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে কামপুৰ আৰু ৰহা অঞ্চলত পৰ্যাপ্ত এছ ডি আৰ এফৰ লোকক নিয়োগ কৰিছে ৷ বানাক্ৰান্ত লোকক উদ্ধাৰৰ লগতে আশ্ৰয়ৰ অভাৱত পৰা লোকক আশ্ৰয় দিয়াৰ বাবে স্থাপন কৰিছে আশ্ৰয় শিবিৰ ।
কামপুৰৰ পদুমণি মোক্তাব বিদ্যালয়ৰ লগতে কামেশ্বৰ বৰঠাকুৰ এম ভি স্কুলতো স্থাপন কৰিছে অস্থায়ী আশ্ৰয় শিবিৰ । সমান্তৰালকৈ ৰহা ৰাজহ চক্ৰৰ অধীনৰ বহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বহাকাবাৰী এম ভি স্কুলতো অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ আশ্ৰয় শিবিৰত সম্প্ৰতি মুঠ 11 গৰাকী গৰ্ভৱতী মহিলাই আশ্ৰয় লোৱা বুলিও জানিব পৰা গৈছে । ইয়াৰে কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ 9 গৰাকী আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ দুগৰাকী গৰ্ভৱতী মহিলাই আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ তথা পোৱা গৈছে ।
লগতে পঢ়ক: মণিপুৰৰ ৰাজভৱন জলমগ্ন : ৰাজ্যপাল আহিল নাৱেৰে
বানত আক্ৰান্ত পশুধন :
বছৰৰ প্ৰথমটো বানত আক্ৰান্ত নগাঁৱৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ 106 খন ৰাজহ গাঁৱৰ 10 হাজাৰৰো অধিক পশুধনো আক্ৰান্ত হৈছে । জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ 7 হাজাৰ 654 টা পশুধন কঁপিলীৰ বানত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ ৰহা ৰাজহ চক্ৰৰ অধীনৰ 3 হাজাৰ পশুধন আক্ৰান্ত হৈছে বছৰৰ প্ৰথমটো বানত । বানত আক্ৰান্ত পশুধনৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে । ইপিনে শুকুৰবাৰেও কঁপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে । শুকুৰবাৰে সন্ধিয়াও কঁপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলিও চৰকাৰী তথ্যত প্ৰকাশ ।
লগতে পঢ়ক: এটাৰ পিছত আনটো প্ৰাকৃতিক দুৰ্যোগ, 9 জিলাৰ 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত

