Har Ghar Tiranga: গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !

author img

By

Published : Aug 4, 2022, 7:19 AM IST

national flag imported from outer state to assam

'আজাদী কা অমৃত মহোৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে (Har Ghar Tiranga Programme in Assam) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । ইয়াৰ মাজতে পোহৰলৈ আন এক খবৰ । অসমত পতাকাৰ অভাৱ দূৰ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ।

গুৱাহাটী,৩ জুলাই: ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱৰ অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Tiranga Programme in Assam) কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰিবলৈ চৰকাৰে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলাইছে (Azadi Ka Amrit Mahotsav) । ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে(PM Modi appeals people to hoisting Flag on home) । অসমত ৮০ লাখ বাসগৃহ, কাৰ্যালয় দোকানত জাতীয় পতাকা উত্তোলনৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ।

চৰকাৰে ৰাজ্যৰ আত্মসহায়ক গোটৰ জৰিয়তে বৃহৎ সংখ্যক জাতীয় পতাকা উৎপাদনৰ কাম আৰম্ভ কৰিছে । কিন্তু অসমত উৎপাদন কৰা পতাকাই চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰে যিকোনো প্ৰকাৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে বহিঃৰাজ্যৰ পৰা আনিছে জাতীয় পতাকা(National flag imported from outer state to Assam) । অসমত চাহিদা অনুসৰি পতাকা কম হোৱাৰ বাবেই গুজৰাটৰ পৰা পতাকা অহা আৰম্ভ হৈছে । অসমৰ বাবে গুজৰাটৰ আহমেদাবাদ, চুৰাটৰ পৰা ৰাষ্ট্ৰীয় পতাকা অহা বুলি জানিব পৰা গৈছে ।

গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !

উল্লেখ্য যে গুজৰাটৰ আহমেদাবাদ, চুৰাটৰ পৰা অসমৰ ডাকঘৰসমূহলৈ ৰাষ্ট্ৰীয় পতাকা প্ৰেৰণ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্রণালয়ৰ জৰিয়তে ইতিমধ্যেই অসমৰ ডাকঘৰসমূহলৈ বিক্ৰীৰ বাবে ১০ হাজাৰখন ৰাষ্ট্ৰীয় পতাকা প্ৰেৰণ কৰিছে । গুজৰাটৰ পৰা অহা সেই পতাকা গুৱাহাটী, ৰঙিয়া, তেজপুৰ, নিউ বঙাইগাঁও, মির্জা আদি ডাকঘৰত বিক্ৰী কৰা হ'ব । এই সময়ছোৱাত ডাকঘৰৰ কর্মীয়েও পতাকা বিক্রী কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

ডাকঘৰৰ লগতে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ বাবে অন্যান্য চৰকাৰী প্ৰতিষ্ঠানতো বহিঃৰাজ্যৰপৰা অহা পতাকা ক্ৰয় কৰিবৰ বাবে সুলভ হ'ব । আনহাতে, এটা ব্যক্তিগত খণ্ডৰ বেংকৰ এজেন্টেও মহিলাৰ স্বেচ্ছাসেৱী গোটৰ সভা অনুষ্ঠিত কৰি বেংকৰ পৰা পতাকা ক্ৰয় কৰাৰ আহ্বান জনাইছে । অসমৰ খাদী আৰু গ্ৰামোদ্যোগ আদি প্ৰতিষ্ঠানত বছৰি পতাকা প্রস্তুত কৰি আহিছে । এইবাৰো ৫০ হাজাৰ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি জানিব পৰা গৈছে ।

কিন্তু এইবাৰ অধিক পতাকাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ চুৰাট, আহমেদাবাদ আদিৰ পৰা পতাকা অনা হৈছে, যাতে চৰকাৰে এই কাৰ্যসূচী যিকোনো প্ৰকাৰে সফল কৰিব পাৰে । অসমলৈ গুজৰাটৰ পৰা পতাকা অহা বিষয় সম্পৰ্কে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ কমলা কলিতাই কয় যে আমি চৰকাৰী অৰ্ধ চৰকাৰী কাৰ্যালয়সমূহত পতাকা যোগান ধৰি আহিছো । কিন্তু ব্যক্তিগতভাৱে বহু লোকে সস্তীয়া দামত বিচাৰে । সেয়েহে চৰকাৰে অতি কম দামতে দিয়াৰো ব্যৱস্থা কৰিছে । যিবোৰ লোকে খাদী বৰ্ডৰ পতাকা বিচাৰে তেওঁলোকক যোগান ধৰিবলৈ আমাৰ হাতত পতাকা মজুত আছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: Har Ghar Tiranga: অমৃত মহোৎসৱ উদযাপনৰ সময়তে পতাকাবিহীন হৈছে মহানগৰীৰ গান্ধী মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.