ETV Bharat / state

Jihadi activities in Madrasa : জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

author img

By

Published : Aug 4, 2022, 10:06 AM IST

Updated : Aug 4, 2022, 11:01 AM IST

যোৱা ২৮ জুলাইত ছীল কৰা মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনে পুৱাই উচ্ছেদ চলায় (Morigaon administration eviction in Madrasa)। জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মাদ্ৰাছাখন বন্ধ কৰি দিছিল প্ৰশাসনে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰশাসনে ভাঙি দিয়ে মাদ্ৰাছাখন ।

Jihadi activities in Madrasa
জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

ধিং,৪ আগষ্ট : অৱশেষত উচ্ছেদ চলিল জেহাদীৰ সৈতে সম্পৰ্ক থকা মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাত (Eviction in Jihadi linked Jamiul Huda Madrasa)। সম্পূৰ্ণৰূপে ভাঙি দিয়া হ'ল মাদ্ৰাছাখন । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলায় মাদ্ৰাছাখনত । এটা এটাকৈ মাদ্ৰাছাৰ প্ৰতিটো কোঠা এস্কেভেটৰেৰে ভাঙি দিয়া হয় । আনকি উচ্ছেদৰ সময়ত স্থানীয় লোকসকলকো প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে ।

Jihadi activities in Madrasa
জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

উল্লেখ্য যে যোৱা ২৮ জুলাইত প্ৰশাসনে তলা লগাইছিল মাদ্ৰাছাখনত । মাদ্ৰাছাখনৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলাৰ অভিযোগ উঠাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল । মাদ্ৰাছাখনৰ সৈতে বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলা চুমকৈ এবিটিৰে সম্পৰ্ক থকাৰ অভিযোগো উঠিছিল । আৰক্ষীয়ে অভিযান চলাই বিভিন্ন ধৰণৰ নথি পত্ৰ উদ্ধাৰ কৰিছিল ।

হাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

সমান্তৰালকৈ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ দাবী অসম আৰক্ষীৰ (Police suspect linkman Mufti Mustafa) ৷ আৰক্ষীয়ে মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্যও লাভ কৰিছিল (Police arrested Madrasa head Mufti Mustafa) ৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷

Jihadi activities in Madrasa
জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ মাদ্ৰাছাত চলিল উচ্ছেদ

অৱশেষত মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই অহাৰ অভিযোগত আৰক্ষীয়ে মুফতিক গ্ৰেপ্তাৰ কৰিছিল ৷ ইফালে নিকটৱৰ্তী আন এখন মাদ্ৰাছাত আৰক্ষীয়ে অভিযান চলায় ১১ গৰাকীকৈ শিক্ষকক আটক কৰিছিল ।

উল্লেখ্য যে মুফতি মুস্তাফা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ২০১৯ চনৰ পৰা ধনৰ লেনদেন কৰি আহিছিল । তদুপৰি ২০১৯ চনত মুফতি মুস্তাফাই এই জমিউল হুদা মাদ্ৰাছতে বহিঃৰাষ্ট্ৰৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক আশ্ৰয় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :KULA militant group : কাৰ্বি আংলঙত নতুন বিদ্ৰোহী সংগঠনৰ আত্ম প্ৰকাশ; আৰক্ষীৰ জালত তিনি কেডাৰ

Last Updated :Aug 4, 2022, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.