CWG 2022: কমনৱেলথত স্বৰ্ণ জয়েৰে ইতিহাস ৰচা নয়নমণিৰ কৰ্মস্থলীত আনন্দৰ বন্যা

By

Published : Aug 4, 2022, 8:57 AM IST

thumbnail

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছত অসমৰ প্ৰথমটো পদক নিশ্চিত কৰি 2 আগষ্টত ইতিহাস ৰঁচিলে অসম কন্যা নয়নমণি শইকীয়াই (Commonwealth Games 2022) ৷ লনবলছ প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছিল ভাৰতীয় মহিলা দলটোৱে (India women lawn bowls team at CWG) ৷ এই দলটোত আছিল অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ জীয়ৰী নয়নমণি (Assam girl Nayanmoni Saikia won gold in CWG 22) ৷ ২০১১ চনৰ পৰা কলিয়াবৰৰ দ্বিতীয় বন সুৰক্ষা বাহিনীৰ চাৱনিত কৰ্মৰত হৈ আছে নয়নমণি শইকীয়া । সেয়েহে কলিয়াবৰৰ চিকনিত থকা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ চাউনীত বন সুৰক্ষা বাহিনীৰ প্ৰতিগৰাকী জোৱানৰ মাজত দেখা গ’ল ব্যাপক আনন্দ-উল্লাস । কেক কাটি, বিহু মাৰি আনন্দ উল্লাস কৰিলে নয়নমণিৰ সহকৰ্মীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.