বিহু ফাংশ্যনত গাঁত খান্দি বোকাত নচাক লৈ চিন্তিত অভিনেতা অৰুণ হাজৰিকা - actor arun hazarika bihu dance

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:12 AM IST

thumbnail
অৰুণ হাজৰিকাৰ ভাষ্য (ETV BHARAT ASSAM)

গোলাঘাট, 10 মে’ : বৃহস্পতিবাৰৰে পৰা বোকাখাতৰ ৰজাবাৰী বিহু সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ ৰজাবাৰী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় ব’হাগী বিদায় অনুষ্ঠান । এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পাচত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নেত্ৰকাই খ্যাত অসমৰ বিশিষ্ট কৌতুক অভিনেতা অৰুণ হাজৰিকাই ।

শোভাযাত্ৰা উদ্বোধন কৰি এপাক বিহু নাচিলে অভিনেতাগৰাকীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেতাগৰাকীয়ে বৰ্তমান প্ৰজন্মৰ যিকোনো অনুষ্ঠানতে উদ্ভণ্ডালি সন্দৰ্ভত দুখ প্ৰকাশ কৰে ৷

তেওঁ কয় যে এচাম মানুহে কেৱল উৎপাত কৰিম বুলিয়ে বিহু ফাংশ্যন চাবলৈ যায় আৰু তেনে মানুহৰ বাবেই সপৰিয়ালে অনুষ্ঠান উপভোগ কৰিবলৈ যোৱা মানুহ অসুবিধাত পৰে ৷ সকলোকে সাংস্কৃতিক সন্ধ্যা সাংস্কৃতিক পুৱতি নিশা নকৰিবলৈ আহ্বান জনাই তেওঁ ৷ ব’হাগৰ অনুষ্ঠানক বোকা ফাঁকুৱালৈ পৰিৱৰ্তন কৰাটো অসমীয়াৰ বাবে শুভ লক্ষণ নহয় বুলিও মন্তব্য কৰে তেওঁ ৷

বৰ্তমান অভিনেতাগৰাকী কেবাটাও কামত ব্যস্ত হৈ আছে ৷ তেওঁৰ হাতত থকা এখন ব্যয়বহুল ছবি হৈছে "বীৰাংগনা সাধনী" ৷ শ্বুটিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ তেওঁৰ আন এখন ছবি "মই এটি নিশাচৰ" অতি শীঘ্ৰে ছবি গৃহলৈ আহিব ।

লগতে পঢ়ক : বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg Stage Program 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.