দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

By ETV Bharat Assamese Team

Published : May 9, 2024, 11:05 PM IST

Updated : May 9, 2024, 11:12 PM IST

thumbnail
দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত (ETV Bharat Assam)

যোৰহাট,৯ মে': প্ৰতিভা থাকিলে বিকাশ হ'বই । মৰিয়নীৰ ভেলাগুৰি চাহ বাগিচাৰ এগৰাকী ছাত্ৰীয়ে বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সেই কথাকে পুনৰবাৰ প্ৰতীয়মান কৰিবলৈ সক্ষম হয় । মৰিয়নী নকচাৰী উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ ছাত্ৰী বৈষ্ণৱী হেমৰম নামৰ ছাত্ৰীগৰাকীয়ে উচ্চ মাধ্যমিকৰ কলা শাখাত ৮৩ শতংশ নম্বৰেৰে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । মৰিয়নীৰ ভেলাগুৰি চাহ বাগিচাৰ পিতৃ-মাতৃহহাৰা বৈষ্ণৱীয়ে মামীয়েকে অজ্ঞলি মাঝিৰ তত্বাৱধানত থাকি কৰি গৈছিল পঢ়া-শুনা ।  

বহু কষ্টৰে বৈষ্ণৱীক পঢ়া-শুনা কৰাইছিল অজ্ঞলি মাঝিয়ে । শৈশৱতে বৈষ্ণৱীয়ে পিতৃ-মাতৃক হেৰুওৱাৰ পাছত । চাহ বাগিচাত কেচাপাত তুলি জীৱন নিৰ্বাহ কৰা মামীয়েকে বহু দুখ-কষ্টৰ মাজেৰে শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদান কৰিছিল বৈষ্ণৱীক । ভৱিষ্যতে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে বৈষ্ণৱী হেমৰমে । শ্ৰমিক সন্তান বৈষ্ণৱীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে ভেলাগুৰি বাগিচাৰ ৰাইজ । পিতৃ-মাতৃহাৰা ছাত্ৰীগৰাকীৰ সাফল্যই ইয়াকে প্ৰতীয়মান নিয়াইছে যে মেধাৰ ক্ষেত্ৰত কোনো বাধাই অন্তৰায় হ'ব নোৱাৰে । 

Last Updated : May 9, 2024, 11:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.