ETV Bharat / state

100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 12:34 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

Assam Valley Academy Junior College : "একে একে দুই, অসম ভেলী জুই" - বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতে নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ বাকৰিত উৎসৱমুখৰ পৰিৱেশ ৷

অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ বাকৰি (Etv Bharat Assam)

নলবাৰী, 9 মে’ : নলবাৰী জিলাত বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে দেখা যায় এক উৎসৱমুখৰ পৰিৱেশ ৷ বিশেষকৈ জিলাখনৰ কলেজ ৰোডত অৱস্থিত অসম ভেলী একাডেমী জুনিয়ৰ কলেজ নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনৰ ফলাফলে ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ মাজতো আনন্দৰ জোৱাৰ তোলে ৷

শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 291 গৰাকী শিক্ষাৰ্থী ৷ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা কলা শাখাত 258 গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰাৰ বিপৰীতে 32 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷

একেদৰে বাণিজ্য শাখাতো অৱতীৰ্ণ হৈছিল 39 গৰাকী শিক্ষাৰ্থী ৷ তাৰ ভিতৰত 32 গৰাকীয়ে প্ৰথম বিভাগ আৰু 7 গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হ'বলৈ সক্ষম হয় ৷ বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ 100 শতাংশ ৷

তাৎপৰ্যপূৰ্ণভাৱে 2004 চনৰ পৰা 2024 চনলৈ শিক্ষানুষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷ এইবাৰো শিক্ষানুষ্ঠানখনৰ পৰা হিন্দী আৰু তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিভাগত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি শিক্ষক শশাংক শৰ্মাই জানিবলৈ দিয়ে ৷

তদুপৰি শিক্ষকগৰাকীয়ে নতুন ৰাষ্ট্ৰনীতিৰ আধাৰত দিয়া প্ৰথমবাৰৰ বাবে ঘোষণা কৰা এই ফলাফলক আদৰণি জনোৱাৰ কথা ব্যক্ত কৰে ৷ এইবেলি কলা শাখাত ৰাজ্যৰ ভিতৰত উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত নলবাৰী জিলাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । ইয়াকে লৈ জিলাখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা 9 বজাত ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷ এই ফলাফলক কেন্দ্ৰ কৰি উছৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত ৷ পিছে এইবাৰ এই আনন্দ পূৰ্বৰ তুলনাত কিছু কম হোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো এইবেলি পৰীক্ষাত নাই কোনো স্থানপ্ৰাপকৰ তালিকা ৷

লগতে পঢ়ক: ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.