উত্তৰ-পূৰ্বাঞ্চলত বিচিচিআইৰ ইনড'ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন সচিব জয় শ্বাহৰ - BCCI Indoor Training Facilities
BCCI Indoor Training Facilities in NE : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব জয় শ্বাহে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰিকেট সংস্থাটোৰ আগন্তুক প্ৰশিক্ষণ সুবিধাৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ দ্বাৰা অঞ্চলটোৰ ছয়খন ৰাজ্যক বৰ্ধিত আন্তঃগাঁথনিৰে খেলুৱৈৰ খেল উন্নত কৰাত সহায় কৰিব ।

Published : May 20, 2024 at 4:38 PM IST
স্পৰ্টছ ডেস্ক, ২০ মে' : উত্তৰ-পূৰ্বাঞ্চলত ক্ৰিকেট আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ ক্ৰিকেট প্ৰশিক্ষণ সুবিধাৰ বাবে বিচিআইৰ এক যুগান্তকাৰী পদক্ষেপ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব জয় শ্বাহে উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক সময়ত সহায়ক হ'ব পৰাকৈ সোমবাৰে অত্যাধুনিক ইনড'ৰ (আন্তঃদ্বাৰ) প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ।
ইয়াৰ দ্বাৰা উত্তৰ-পূব ভাৰতৰ ছয়খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমে বছৰজুৰি প্ৰশিক্ষণ বিকল্পৰ বাবে 'বিশ্বমানৰ' ইনড'ৰ নেট, ইনড'ৰ ছুইমিং পুল আৰু ফিটনেছ চেণ্টাৰৰ পৰা লাভান্বিত হ'ব ।
"উত্তৰ-পূৰ্বাঞ্চলত বিচিচিআইৰ আগন্তুক অত্যাধুনিক আভ্যন্তৰীণ প্ৰশিক্ষণ সুবিধাৰ আধাৰশিলা স্থাপন কৰি সন্মানিতবোধ কৰিছোঁ । ছয়খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ আমাৰ যুৱ ক্ৰিকেটাৰসকলে শীঘ্ৰেই বিশ্বমানৰ ইনড'ৰ নেট, ইনড'ৰ চুইমিং পুল আৰু ফিটনেছ চেণ্টাৰৰ পৰা বছৰজোৰা প্ৰশিক্ষণ বিকল্পৰ বাবে লাভান্বিত হ'ব ।" জয় শ্বাহে এক্স হেণ্ডেলত লিখিছে ।
তেওঁ লগতে কয়, "মিজোৰামত নতুন পেভিলিয়নৰ শুভাৰম্ভৰ লগতে এই অঞ্চলত ক্ৰিকেট আন্তঃগাঁথনি উন্নত কৰাৰ বাবে আমাৰ দৃষ্টিভংগীৰ দিশত এইটো ডাঙৰ পদক্ষেপ । ৰোমাঞ্চকৰ সময় আহি আছে ।"
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিচিচিআয়ে ২০২২ চনৰ ডিচেম্বৰত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ছিকিমত এটা ইনড'ৰ ক্ৰিকেট প্ৰশিক্ষণ সুবিধা নিৰ্মাণৰ বাবে প্ৰস্তাৱৰ বাবে অনুৰোধ (আৰএফপি) মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ।
"বিচিচিআয়ে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিমত ইনড'ৰ ক্ৰিকেট প্ৰশিক্ষণ সুবিধা কেন্দ্ৰ নিৰ্মাণ সেৱা আৰু বাৰ্ষিক তত্ত্বাৱধানৰ বাবে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ পৰা নিবিদা বিচাৰিছে ।" বিচিচিআয়ে ইয়াৰ বাবে এনেদৰে জাননী জাৰি কৰিছিল।
"নিবিদা দাখিল কৰিব বিচৰা যিকোনো আগ্ৰহী পক্ষই আৰএফপি ক্ৰয় কৰিব লাগিব । অৱশ্যে কেৱল আৰএফপিত নিৰ্ধাৰিত যোগ্যতাৰ চৰ্ত পূৰণ কৰা আৰু ইয়াত নিৰ্ধাৰিত অন্যান্য চৰ্তাৱলী আৰু নিয়মাৱলী সাপেক্ষে নিবিদা দিবলৈ যোগ্য হ'ব । এইটো স্পষ্ট কৰা হৈছে যে কেৱল আৰএফপি ক্ৰয় কৰিলেই কোনো ব্যক্তিক নিবিদা দিয়াৰ অধিকাৰ নাই ।" বিবৃতিটোত লগতে কোৱা হয় ।

