ETV Bharat / bharat

সাজি-কাচি বহি থাকিল কইনা, বৰযাত্ৰীৰ সলনি আহিল মৃতদেহৰ শাৰী - horrific road accident

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 6:41 AM IST

Updated : Jun 3, 2024, 10:52 AM IST

Tragic road accident in MP : মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনা ৷ বৰযাত্ৰী ভৰ্তি এখন ট্ৰেক্টৰ-ট্ৰলী ওলটি পৰাৰ ফলত শিশুসহ 13 গৰাকী লোকৰ থিতাতে মৃত্যু ৷ আন 16 গৰাকী লোক আহত হৈছে ৷

Etv BharatTragic road accident in MP
সাজি-কাছি বহি থাকিল কইনা, বৰযাত্ৰীৰ সলনি আহিল মৃতদেহৰ শাৰী (Etv Bharat ASSAM)

নেশ্যনেল ডেস্ক, 3 জুন : মধ্যপ্ৰদেশৰ ৰাজগড়ত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে । মধ্যপ্ৰদেশৰ পিপ্লোডিত দেওবাৰে নিশা প্ৰায় 9 বজাত বিবাহ পাৰ্টীৰে ভৰ্তি ট্ৰেক্টৰ-ট্ৰলী ওলটি বাগৰি পৰাৰ ফলত 13 জন লোকে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ এই দুৰ্ঘটনাত 16 গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । মৃতসকলৰ ভিতৰত 4 টা শিশুও আছে বুলি জানিবলৈ পৰা গৈছে ৷

এই খবৰ পোৱাৰ পিচত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে । জানিবলৈ পৰা মতে, ৰাজস্থানৰ মতিপুৰাৰ পৰা কুলমপুৰলৈ বিবাহ অনুষ্ঠানৰ বাবে গৈ আছিল লোকসকলক ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি দলটো বৰযাত্ৰী আছিল ৷

ট্ৰেক্টৰ-ট্ৰলী ওলোটা হোৱাৰ ফলত 13 জন নিহত

দুৰ্ঘটনাৰ পিচতে জিলা চিকিৎসালয়খনত বহু লোকৰ ভিৰ পৰিলক্ষিত হয় ৷ সমগ্ৰ চিকিৎসালয়খনত কেৱল কান্দোনৰ ৰোল উঠিছে ৷ খবৰ পোৱাৰ পাচতে জিলাখনৰ সংগ্ৰাহক আৰু আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয় । ৰাজগড়ৰ সংগ্ৰাহক হৰ্ষ দীক্ষিতে কয় যে লোকসকলে বিবাহ অনুষ্ঠানৰ বাবে ৰাজস্থানৰ পৰা আহি আছিল । ৰাজগড় আৰু ৰাজস্থানৰ সীমান্তৰ মাজত হোৱা দুৰ্ঘটনাত 13 গৰাকী লোকৰ মৃত্যু হৈছিল । জিলা চিকিৎসালয়ত 15 জন লোক চিকিৎসাধীন হৈ আছে । গুৰুতৰভআৱে আহত এজনক ভূপাললৈ প্ৰেৰণ কৰা হৈছে ।

চিকিৎসালয়ত উপস্থিত ৰাজ্যিক মন্ত্ৰী

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচত জিলা চিকিৎসালয়ত উপস্থিত হয় স্বতন্ত্ৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী নাৰায়ণ সিং পানৱাৰ ৷ তেওঁ সকলো লোকৰে স্বাস্থ্যৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে মৃতকসকলৰ বিষয়েও খবৰ লয় ৷ লগতে তেওঁ জিলা আৰু চিকিৎসালয় প্ৰশাসনৰ দ্বাৰা আহতসকলৰ চিকিৎসাৰ বাবে লোৱা তৎকালীন পদক্ষেপক প্ৰশংসা কৰে ।

মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে 'এক্স'ত লিখিছে- ৰাজগড় জিলাৰ পিপ্লোডি ৰোডত ট্ৰেক্টৰ ট্ৰলী ওলোটা হোৱাৰ ফলত ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ 13 জন লোকৰ অকাল মৃত্যুৰ খবৰ অতি বেদনাদায়ক । "আমি ৰাজস্থান চৰকাৰৰ সৈতে যোগাযোগ কৰিছো আৰু ৰাজস্থান আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈছে । আহতসকল ৰাজগড়ৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীক ভূপাললৈ প্ৰেৰণ কৰা হৈছে ।"

লগতে পঢ়ক : চণ্ডিগড়ত ৰে'লৰ সংঘৰ্ষ, কাৰ ভুলৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনা ? - Punjab train accident

Last Updated : Jun 3, 2024, 10:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.