ETV Bharat / bharat

চণ্ডিগড়ত ৰে'লৰ সংঘৰ্ষ, কাৰ ভুলৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনা ? - Punjab train accident

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 3:00 PM IST

Punjab train accident: চণ্ডিগড়ত ওড়িশাৰ বালাচোৰৰ দৰে অনুৰূপ দুৰ্ঘটনা ! দুৰ্ঘটনাত পতিত ৩ খনকৈ ৰে'ল । কথমপি ৰক্ষা পৰিল শ শ লোক ।

Punjab train accident
চণ্ডিগড়ত ৰে'ল দুৰ্ঘটনা (ETV Bharat)

নেশ্যনেল ডেস্ক,২ জুন : চণ্ডিগড়ত পুৱাই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । পুৱা প্ৰায় ৪ মান বজাত শ্ৰী ফতেহগড় চাহিবত দুখনকৈ মালবাহী ৰে'লৰ মাজত সংঘৰ্ষ হয় । এখন ৰে'লৰ ইঞ্জিন সম্পূৰ্ণ উলটি গৈ কাষৰ ট্ৰেকেৰে পাৰ হৈ যোৱা এখন যাত্ৰীবাহী ৰে'লত খুন্দা মাৰে । এই দুৰ্ঘটনাত মালবাহী ৰে'লৰ দুগৰাকী লক' পাইলট আহত হয় । তেওঁলোকক পিচত পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বিগত বছৰ ওড়িশাৰ বালাচোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ দৰেই আছিল দুৰ্ঘটনাটো । সেই দুৰ্ঘটনাটোত, আন এখন ৰে'ল আহি ৰৈ থকা ৰে'ল এখনত খুন্দা মাৰে । সেই সময়ত পাৰ হৈ যোৱা তৃতীয় খন ৰে'লো দুৰ্ঘটনাত পতিত হৈছিল । এই ৰে'ল দুৰ্ঘটনাত ২৯৩ জনৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু ১০০০ ৰো অধিক লোক আহত হৈছিল ।

প্ৰাপ্ত খবৰ অনুসৰি কয়লাভৰ্তি এখন ৰে'ল ফ্ৰেইট কৰিডৰৰ নিউ চিৰহিন্দ ষ্টেচনত ৰৈ আছিল । কয়লাভৰ্তি আন এখন ৰে'ল একেটা ট্ৰেকত পিছফালৰ পৰা আহিছিল আৰু ৰৈ থকা ৰে'লখনত খুন্দা মাৰিছিল । ইফালে, কলকাতাৰ পৰা জম্মুলৈ যোৱা বিশেষ গ্ৰীষ্মকালীন ৰে'ল (০৪৬৮১) আম্বালাৰ পৰা লুধিয়ানালৈ গৈ আছিল । যেতিয়া এই ৰে'লখন নিউ চিৰহিন্দ ষ্টেচনৰ ওচৰত উপস্থিত হৈছিল ৰে'লখনৰ গতি লেহেমীয়া আছিল আৰু দুখন মালবাহী ৰে'লৰ মাজত হোৱা সংঘৰ্ষৰ পিচত উলটি যোৱা ইঞ্জিনটো যাত্ৰীবাহী ৰে'লখনত খুন্দা মাৰিছিল ।

যাত্ৰীবাহী ৰে'লখনৰ গতি লেহেমীয়া আছিল বাবে লক' পাইলটে সঠিক সময়ত ৰে'লখন ৰখাইছিল আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল । অৱশ্যে, ৰে'লখন আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । ইয়াৰ লগতে ৰে'লপথটোও ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনাটোৰ পিচত যাত্ৰীবাহী ৰে'লখনক অতিৰিক্ত ইঞ্জিনৰ সহায়ত ৰাজপুৰালৈ প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাটো যথেষ্ট শক্তিশালী আছিল । দুৰ্ঘটনাটোৰ পিচতে ৰে'লৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে ইঞ্জিনৰ খিৰিকী ভাঙি ভিতৰত আৱদ্ধ লক' পাইলটজনক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে দুৰ্ঘটনাটোৰ পিচত ৰে'ল বিভাগে বিভিন্ন পৰ্যায়ত অনুসন্ধান আৰম্ভ কৰিছে । অনুসন্ধানৰ মূল বিষয়বস্তু হৈছে যেতিয়া এখন মালবাহী ৰে'ল এটা ট্ৰেকত ৰৈ আছিল, আন এখন ৰে'ল কেনেকৈ সেই একেটা ট্ৰেকেৰে কেনেকৈ আহিল ? যদি মালবাহী ৰে'লখনে আহিবলৈ সংকেত পাইছিল তেতিয়া লক' পাইলটজনে আনখন ৰে'লক সন্মুখত ৰৈ থকা কিয় দেখা পোৱা নাছিল । দুৰ্ঘটনাটোৰ আঁৰত লক' পাইলট বা ৰে'ল কৰ্মচাৰী অৱহেলা আছিল সেয়া তদন্ত কৰি থকা হৈছে ।

লগতে পঢ়ক :তীৰ্থযাত্ৰালৈ গৈ মৃতদেহ হৈ উভতিল; ১১ টা মৃতদেহ একেলগে দেখি হতবাক গাঁওবাসী - Jammu Bus Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.