ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় T-20ত সৰ্বোচ্চ সফল ৰাণ অনুসৰণৰ অভিলেখ আমেৰিকাৰ, কানাডাক 7 উইকেটত পৰাস্ত - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:47 PM IST

USA VS Canada : দেওবাৰে ডালাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত কানাডাৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰি T-২০ বিশ্বকাপত আমেৰিকাই নিজৰ অভিযান আৰম্ভ কৰে। ১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি দলটোৱে সৰ্বোচ্চ সফল ৰান অনুসৰণৰ ৰেকৰ্ড গঢ়ে আৰু লগতে প্ৰতিযোগিতাখনৰ ইতিহাসত তৃতীয় সৰ্বাধিক ৰান অনুসৰণৰ ইতিহাসো লিখে ৷

T20 WORLD CUP 2024
কানাডাক 7 উইকেটত পৰাস্ত আমেৰিকাৰ ((PHOTO: AP))

স্পৰ্টছ ডেস্ক, 2 জুন : T-২০ বিশ্বকাপৰ উদ্বোধনী মেচত এৰন জ’নছে কানাডাৰ বিৰুদ্ধে 40 বলত 94 ৰান সংগ্ৰহ কৰি 7 উইকেটৰ বিজয়েৰে শীৰ্ষ ক্ৰিকেটত টুৰ্ণামেণ্টৰ সহ-আয়োজক আমেৰিকাই নিজৰ আগমনৰ কথা দৰ্শনীয়ভাৱে ঘোষণা কৰে ৷ লগতে T-২০ত সৰ্বাধিক ৰান অনুসৰণ আৰু T-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয় সৰ্বাধিক ৰান অনুসৰণ সম্পূৰ্ণ কৰি দলটোৱে অভিলেখ সৃষ্টি কৰে ৷

প্ৰথমে বেটিং কৰি কানাডাই পাঁচ উইকেটত 194 ৰান সংগ্ৰহ কৰিছিল যদিও আমেৰিকাই এই কঠিন লক্ষ্য সহজেই অতিক্ৰম কৰি 14 টা বল বাকী থকা অৱস্থাতে বিজয় সাব্যস্ত কৰে ৷ নিউয়ৰ্ক চহৰৰ কুইন্সত জন্মগ্ৰহণ কৰা জ’নছে প্ৰবাসী খেলুৱৈৰে ভৰা দলটোৰ হৈ 10টা ছয় আৰু চাৰিটা বাউণ্ডেৰী কোবায় ৷

জ’নছে মেচখনৰ তাৰকা বেটছমেন হিচাপে কোনো সন্দেহ নোহোৱাকৈয়ে থকাৰ বিপৰীতে এণ্ড্ৰিজ গৌছেও 46 টা বলত 65 ৰানৰ এক ইনিংছ খেলি মেচখনত নিজৰ প্ৰভাৱৰ ছাপ ৰাখে ৷ ইউ এছ এয়ে যেতিয়া মাত্ৰ 42 ৰানতে দুটা উইকেট হেৰুৱাইছিল তেতিয়া ক্ৰীজত থকাৰ সময়ছোৱাত গৌছে 7 টা চাৰি আৰু তিনিটা ছয় কোবায় ৷ শেষত জ’নছে দুটা ছয়ৰে দলক বিজয় লক্ষ্যত উপনীত কৰোৱাই ৷

প্ৰথমে বেটিং কৰা কানাডাই গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত নৱনীত ধালিৱাল আৰু এৰন জনছনৰ (23) উদ্বোধনী যুটিয়ে মাত্ৰ পাঁচ অভাৰত 43 ৰাণ সংগ্ৰহ কৰি দলক এক সুন্দৰ আৰম্ভণি দিয়ে ৷ মুম্বাইত জন্মগ্ৰহণ কৰা বাওঁহতীয়া স্পীনাৰ হৰমিত সিঙে ষষ্ঠ অভাৰত জনছনক আউট কৰি প্ৰতিযোগিতাখনত দলক প্ৰথমটো সফলতা দিয়ে ৷

ভাৰতীয় মূলৰ আন এজন কানাডিয়ান খেলুৱৈ পৰগত সিং অষ্টম অভাৰত ৰান আউট হয় ৷ অৱশ্যে ধলিৱালে নিকোলাছ কিৰ্টনৰ ৰূপত এজন যোগ্য মিত্ৰ বিচাৰি পায়, যিয়ে তিনিটা বাউণ্ডেৰী আৰু দুটা ছয় কোবাই তীব্ৰ গতিৰে নিজৰ ৰান সংগ্ৰহ কৰে ৷ বাওঁহাতৰ কিৰ্টনৰ সৈতে 66 ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷

বাকী সকল বিফল হোৱাৰ পিচত নিউজীলেণ্ডৰ প্ৰাক্তন খেলুৱৈ কেৰী এণ্ডাৰছনে ধলিৱাল আৰু কিৰ্টনৰ মাজৰ অংশীদাৰিত্ব ভংগ কৰে ৷ 15 নং অভাৰৰ আৰম্ভণিতে জেছি সিঙৰ হাতত বল পেলায় খেলুৱৈজনে ৷ উইকেটৰক্ষক শ্ৰেয়াছ মভভাৰ উদ্যোগৰ বাবে ধলিৱালক আউট কৰাৰ প্ৰভাৱ কানাডাৰ গেম প্লেনত পৰা নাছিল ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে 16 টা বলত 32 ৰান সংগ্ৰহ কৰি কেমিঅ’ৰ সময়ত দুটা ছয় আৰু দুটা চাৰি কোবাই কানাডাৰ স্ক’ৰ বৃদ্ধি কৰে ৷

কিৰ্টনৰ প্ৰস্থানৰ পিচত দিলপ্ৰীত বাজৱাই পাঁচটা বলত 11 ৰান সংগ্ৰহ কৰে আৰু কানাডাই বোৰ্ডত এক প্ৰত্যাহ্বানমূলক মুঠ ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভণিতে কিছু শলঠেকত পৰাৰ পিচত, বিশ্বকাপত তেওঁলোকৰ প্ৰথমখন খেলত তেওঁলোকৰ একাউণ্ট খোলাৰ কাম সম্পূৰ্ণ কৰিছিল ৷ জ’নছ আৰু গৌছৰ মাজত তৃতীয় উইকেটৰ অংশীদাৰিত্বই 131 ৰাণ সংগ্ৰহ কৰে আৰু তেওঁলোকৰ ঘৰুৱা খেলপথাৰত এক সুন্দৰ বিজয়ৰ ভেটি স্থাপন কৰে ৷

লগতে পঢ়ক : মসৃণ নাছিল অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপৰ যাত্ৰা - Australia T20 World Cup Journey

লগতে পঢ়ক : ভাৰতৰ টি-২০ বিশ্বকাপৰ পথ পৰিক্ৰমা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.