পেট্ৰ’লৰ পৰিৱৰ্তে পানী দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Lahowal petrol depo

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:20 AM IST

thumbnail
পালিগাম পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি (Etv bharat assam)

মৰাণ, 3 জুন : লাহোৱালৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পালিগাম পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি ৷ গ্ৰাহকক পেট্ৰ’লৰ পৰিৱৰ্তে পানীহে যোগান ধৰাৰ অভিযোগ পেট্ৰ’ল পাম্পটোৰ বিৰুদ্ধে । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতে লাহোৱালৰ পালিগাম পেট্ৰ’ল পাম্পত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পেট্ৰ'ল পাম্পটোৰ পৰা তেলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । 

এই ঘটনা পোহৰলৈ অহাৰ পাচতেই গ্ৰাহকৰ লগতে স্থানীয় দল-সংগঠনবোৰে পালিগাম পেট্ৰ'ল পাম্পটো অতি শীঘ্ৰে বন্ধ কৰি দিয়াৰ দাবী তোলে । সঘনাই সংঘটিত হৈ অহা এনেবোৰ ঘটনাই গ্ৰাহক তথা অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷  

লগতে পঢ়ক: পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাইক, ডিপোত উত্তপ্ত পৰিস্থিতি - Tense Situation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.