পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাইক, ডিপোত উত্তপ্ত পৰিস্থিতি - Tense Situation

By ETV Bharat Assamese Team

Published : May 26, 2024, 9:30 PM IST

thumbnail
খোৱাং পেট্ৰ’ল ডিপোত উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 26 মে’ : ডিব্ৰুগড়ৰ খোৱাং পেট্ৰ’ল ডিপোত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ডিপোটোত পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল হৈ পৰে 10 খনৰো অধিক মটৰ চাইকেল ৷ ফলত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৰ্তমান ডিপোটোত তেল দিয়া বন্ধ কৰি ৰাখিছে ৷

ভুক্তভোগী কেইজনে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খোৱাঙৰ ইণ্ডিয়ান অইল পেট্ৰ’ল ডিপোত বাইকত তেল ভৰোৱাৰ পিচতে বিকল হৈ পৰে ৷ ইয়াৰ পিচত আৰোহী কেইজনে ডিপোৰ স্বত্বাধিকাৰীক বিকল মটৰচাইকেল কেইখন মেৰামতি কৰি দিবলৈ কয় যদিও স্বত্বাধিকাৰীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত আৰোহী কেইজনে বাক-বিতণ্ডাত লিপ্ত হয় স্বত্বাধিকাৰীজনৰ সৈতে ৷

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ভেজাল পেট্ৰ’লৰ বাবেই বাইক সমূহ বিকল হোৱাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে পেট্ৰ’লৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে লগতে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.