ETV Bharat / state

দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি - Assam HS Result 2024

Assam HS Result 2024: একাগ্ৰতা, আত্মবিশ্বাস থাকিলে সফলতা অৰ্জনত দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে । বিগত সময়সমূহৰ দৰে এইবাৰো এই কথা প্ৰমাণিত হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত । দৰিদ্ৰতাৰ প্ৰাচীৰ ওফৰাই জিলিকিল বিহালীৰ এজন মেধাৱী ছাত্ৰ ।

Lakshyamani Das from Biswanath achieved success at HS
দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024 at 9:32 PM IST

2 Min Read
Choose ETV Bharat
দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি (ETV Bharat Assam)

বিশ্বনাথ,৯ মে': শিক্ষা আহৰণৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰিলে টেলেঙনীয়া গাঁৱৰ এগৰাকী ছাত্ৰ লক্ষ্যমণি দাসে । বিহালীৰ টেলেঙনীয়া গাঁৱৰ অতি পিছপৰা অঞ্চলৰ ছাত্ৰ লক্ষ্যমণি দাসে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

২০২৩-২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজীত ৮৮, ৰাজনীতি বিজ্ঞানত ৯৫, অসমীয়াত ৮৮, শিক্ষা বিভাগত ৮৬, অৰ্থনীতি বিজ্ঞানত ৯২, খুচুৰা ব্যৱসায়ীত ৮৮ নম্বৰ লাভ কৰি ডিষ্টিংচনসহ সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫১ নম্বৰ লাভ কৰাৰ লগতে গড়ে ৯০.২ % লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে মেধাৱী ছাত্ৰ লক্ষ্যমণি দাসৰ পিতৃয়ে চাহ বাগিচাৰ কলঘৰত দৈনিক হাজিৰা কৰি কোনো মতে পৰিয়ালটোক পোহপাল দি আহিছে ।

পিতৃ দীনমণি দাসে প্ৰকাশ কৰা অনুসৰি সৰুৰে পৰা অতি দুখ কষ্টেৰে লক্ষমণিয়ে পঢ়া শুনা কৰি এই পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে । লগতে আন সম্ভ্ৰান্ত পৰিয়ালৰ দৰে সা-সুবিধা প্ৰদান কৰিবলৈ সক্ষম নোহোৱাত দুখ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে এজন ভাল মানুহ হিচাপে গঢ়িবলৈ সকলো দায়িত্ব পালন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

আনহাতে মাতৃ নীজুমণি দাসে নিজৰ সন্তানৰ এই সফলতাৰ আনন্দিত হৈ, এইক্ষেত্ৰত সহায়-সহযোগিতা কৰা শিক্ষক-শিক্ষয়িত্ৰী লগতে ওচৰ-চুবুৰীয়াক কৃতজ্ঞতা প্ৰকাশ কৰে । ইফালে লক্ষমণি দাসৰ পৰৱৰ্তী উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক অনাটন যাতে হেঙাৰ হৈ নুঠে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায় হাত আগবঢ়াবলৈ কাতৰেৰে অনুৰোধ জনাই ।

আনহাতে লক্ষমণি দাসে প্ৰকাশ কৰে যে তেওঁ নম্বৰ লাভ কৰিবলৈ পঢ়া শুনা কৰা নাছিল । আচলতে ভালদৰে জ্ঞান আহৰণৰ বাবেহে অধ্যয়ন কৰিছিল । ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰকাশ কৰে যে প্ৰথমে তেওঁ এজন ভাল মানুহ হোৱাৰ লগতে এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰে ।

লগতে পঢ়ক: অসম জাতীয় বিদ্যালয়ৰ ফলাফল সন্তোষজনক : ৰাজনীতি বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ - Assam HS Result 2024

100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024