ETV Bharat / bharat

Kolkata gas leak incident at factory: কলকাতাত বিষাক্ত গেছ নিৰ্গত হৈ 2 জন শ্ৰমিক নিহত

author img

By

Published : Aug 4, 2022, 10:32 AM IST

দেশত ধাৰাবহিকভাৱে অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু কলকাতাৰ তিনিটাকৈ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Kolkata gas leak incident at factory)৷ বুধবাৰে কলকাতাৰ সমীপৰ খাৰদাহস্থিত এটা কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (2 killed in gas leak)৷

Etv Bharat2-killed-in-gas-leak-at-factory-near-kolkata
Etv Bharatকলকাতাত বিষাক্ত গেছ নিৰ্গত হৈ 2 জন শ্ৰমিক নিহত

নেশ্যনেল ডেস্ক, 4 আগষ্ট: দেশত ধাৰাবহিকভাৱে অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু কলকাতাৰ তিনিটাকৈ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Kolkata gas leak incident at factory)৷ বুধবাৰে কলকাতাৰ সমীপৰ খাৰদাহস্থিত এটা কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ দুজন শ্ৰমিকৰ মৃত্যু হয় (2 killed in gas leak)৷

নিশা প্ৰায় 12 বজাত উত্তৰ ২৪ পৰগণা জিলাৰ বিটি ৰোডৰ ইলেক্ট্ৰ’ষ্টীল কাষ্টিংছ লিমিটেড (ইচিএল) কাৰখানাত কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হৈ কাৰখানাত ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা দুজন শ্ৰমিকে মৃত্যুক আকোৱালি লয় ৷ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে ৷

মৃত শ্ৰমিক দুজন ৰঞ্জিত সিং (৩০) আৰু স্বপ্নাদীপ মুখাৰ্জী (৪১) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে ৰোহিত মহাতো নামৰ আঘাতপ্ৰাপ্ত ব্যক্তিজন সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়ালৈ এই ঘটনা সন্দৰ্ভত কোম্পানীটোৰ কোনো বিষয়ববীয়াই মন্তব্য প্ৰকাশ কৰা নাই ৷ এই কোম্পানীটোৱে ডাক্টাইল আইৰণ পাইপ নিৰ্মাণ কৰে ৷

এই ঘটনাই নিকটৱৰ্তী অঞ্চলত আতংকৰ সৃষ্টি কৰাৰ লগতে কাৰখানাত কৰ্মৰত শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে ৷

আনহাতে বুধবাৰে হাৰিয়ানাৰ বাহাদুৰগড়ৰ এৰোফ্লেছ চিলিং মেটেৰিয়েল মেনুফেক্সাৰিং নামৰ এটা কাৰখানাত শ্ৰমিকসকলে টেংক পৰিস্কাৰ কৰি থকা অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হয় (Methane gas leak in Bahadurgarh’s factory)৷ এই ঘটনাত চিকিৎসালয়ত 4 জন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে (4 laborers death and 2 in critical condition) ৷

লগতে পঢ়ক: Haryana gas leak incident: কাৰখানাত মিথেন গেছ নিৰ্গত হৈ ৪ শ্ৰমিকৰ মৃত্যু, ২ জনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.