Jharkhand Politics in Assam: ঝাৰখণ্ডৰ চৰকাৰ ভঙা-পতাৰ খেলখনো অসমতে হ’ব নেকি ?

author img

By

Published : Aug 3, 2022, 10:32 PM IST

Jharkhand Politics in Assam

ঝাৰখণ্ডৰ বিধায়কে দাখিল কৰা এজাহাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া । মন্ত্ৰী পীযূষ হাজৰিকাই সমস্ত ঘটনাটো নসাৎ কৰিলেও বিৰোধী দলসমূহ শান্ত হোৱা নাই । ঘটনাটোক লৈ বিৰোধী শিবিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও সেইধৰণে ইছ্যু কৰিব পৰা নাই ।

গুৱাহাটী, ৩ আগষ্ট: অসম এতিয়া দেশৰ ঘোঁৰা বেপাৰৰ (Horse trading in Assam) মুখ্য স্থান হৈ পৰিছে নেকি? বৰ্তমান সময়ত তেনে এক প্ৰশ্নই সকলোৰে মনত ক্ৰিয়া কৰিছে । মহাৰাষ্ট্ৰৰ পাছত হৰ্ছ ট্ৰেডিঙৰ জৰিয়তে ঝাৰখণ্ডৰ চৰকাৰ ভঙা-পতাৰ খেলখনো অসমতে হ’ব নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয় মংগল সিঙে(Jharkhand Congress MLA Kumar Jaimangal) দেওবাৰে স্থানীয় থানা এখনত দাখিল কৰা এজাহাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে ঝাৰখণ্ডৰ বিজেপি বিৰোধী জোঁট চৰকাৰৰ পতন ঘটোৱা আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ গঠন কৰাৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰাৰ পাছতে বিষয়টোক ব্যাপক চৰ্চা হৈছে (Himanta Biswa Sarma in Jharkhand MLA FIR) । দেশজুৰি চৰ্চা লাভ কৰা এই ঘটনা তথা ঝাৰখণ্ডৰ বিধায়কজনে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অৱশ্যে মন্ত্ৰী পীযুষ হাজৰিকাই সমস্ত ঘটনাটো নস্যাৎ কৰিছে যদিও বিৰোধী দলসমূহে ইয়াক মানি লোৱা নাই । কিন্তু এই ঘটনাটোক লৈ বিৰোধী যিমান সৰৱ হ'ব লাগিছিল সিমান সৰৱ হোৱা পৰিলক্ষিত হোৱা নাই । ঘটনাটোক লৈ বিৰোধী শিবিৰে যিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইধৰণে সৰৱ হ'ব পৰা নাই । এক কথাত বিৰোধীয়ে ঘটনাটোক ইছ্যু কৰিব পৰা নাই । ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অসমক ঘোঁৰা বিক্ৰী কৰা স্থানলৈ পৰিণত কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ৰিপুণ বৰাই কয় যে বিধায়ক কিনা বেচা কৰি ভাৰতবৰ্ষৰ সন্মুখত অসমৰ মৰ্যাদা নোহোৱা কৰিছে (Ripun Bora on horse trading)। ৰাইজে জনাদেশ দিছে পাঁচ বছৰৰ বাবে । ৰাইজৰ জনাদেশ কাঢ়ি আনি বিধায়ক কিনা-বেচাৰে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰা কথাটোৱে অসমবাসীক লজ্জানত কৰিছে । অসমক দ্বিতীয়বাৰৰ বাবে ঘোঁৰা বেপাৰৰ স্থান কৰিব খোজাটো দুর্ভাগ্যজনক বুলি তেওঁ কয় । ইয়াৰ জৰিয়তে অসমক দেশবাসী, বিশ্ববাসীৰ আগত লজ্জানত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো বিৰোধী দলে ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগে ।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে জুই জ্বলিছে বাবে ধোঁৱা ওলাইছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অপাৰেশ্বন লটাচৰ চাৰ্জন হৈ আছে । ঝাৰখণ্ডৰ বিধায়কজনে যিকোনো মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আনিব পাৰিলেহেঁতেন । এনে অভিযোগ অনাৰ পাছতো মুখ্যমন্ত্ৰীয়ে আইনী প্ৰক্ৰিয়ালৈ নগৈ টুইট কৰি থকা কথাটোৱে কি বুজায় বুলি তেওঁ প্ৰশ্ন কৰে । এজন বিধায়কক ১০ কোটি টকা দিয়া বুলি আৰু বিনিময়ত মন্ত্ৰিত্ব দিয়া হ'ব বুলি অনা অভিযোগ লিখিতভাৱে দিয়াটো সৰু কথা নহয় । মুখ্যমন্ত্ৰীজনে অসমৰ উন্নয়নৰ ধন যে ঝাৰখণ্ড, মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে ব্যৱহাৰ কৰিছে তাত কোনো সন্দেহ নাই বুলি তেওঁ কয় ।

আনহাতে ঝাৰখণ্ডৰ তিনি বিধায়কক গ্ৰেপ্তাৰৰ ঘটনাৰ ই ডিৰ তদন্ত কৰাৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi on Jharkhand MLA arrest case)। পশ্চিমবংগত নগদ ধনসহ গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ ঘটনা সন্দৰ্ভত ই ডিয়ে শীঘ্ৰেই তদন্ত কৰাৰ দাবী জনাই তেওঁ কয় যে ষড়যন্ত্ৰ কৰি ঝাৰখণ্ড চৰকাৰ ভাঙিব বিচৰা ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে । ঝাৰখণ্ডৰ বিধায়কে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত ।

আজি যদি বিজেপিৰ দ্বাৰা পালিত বিধায়ক নহৈ বিৰোধী দলৰ বিধায়ক হ’লহেতেন তথা বিজেপি বিৰোধী বিধায়ক হ’লহেতেন তেনেহলে তৎক্ষণাত ই ডিৰ তদন্ত কৰিলেহেঁতেন বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে লাখ লাখ টকা উদ্ধাৰ হোৱা বিধায়কৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে তদন্ত ঘোষণা কৰিলেহেতেন । তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন বিধায়কক ১০ কোটিকৈ টকা দি ঝাৰখণ্ডৰ চৰকাৰখন ভঙাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল । ড৹ হিমন্ত বিশ্ব শৰ্মাই দুই নম্বৰ ৰাজনীতি কৰি অসমক সমগ্ৰ ভাৰতত লজ্জানত কৰিছে বুলি তেওঁ অভিযোগ কৰে ।

এই সমগ্ৰ ঘটনাৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা হ’ব লাগে বুলি সদৰী কৰি তেওঁ কয় যে এই তদন্তৰ কলচোৱাত ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি থাকিব লাগে । তদন্ত কৰি শীঘ্ৰেই ড৹ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁ কয় । প্ৰতিটো বিৰোধী শিবিৰে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ।

লগতে পঢ়ক: Independence Day celebration: জাক-জমকতাৰে স্বাধীনতা দিৱস উদযাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.