Independence Day celebration: জাক-জমকতাৰে স্বাধীনতা দিৱস উদযাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 3, 2022, 10:03 PM IST

Independence Day celebration

জনতা ভৱনত স্বাধীনতা দিৱস উদযাপন (Independence day celebration in Janata Bhawan) সন্দৰ্ভত আৰক্ষী আৰু সামৰিক বাহিনীৰ বিষয়া তথা অসামৰিক প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক । সমাজৰ সকলো স্তৰৰ লোকক এই দিৱস উদযাপনৰ সৈতে জড়িত কৰিব পৰাকৈ ব্যাপক প্ৰস্তুতি চলোৱাৰ নিৰ্দেশ (CM Himanta Biswa Sarma on Independence day celebration) ।

গুৱাহাটী, ৩ আগষ্ট: আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত (Preparation for Independence day celebration) মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে । এইবাৰ দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিব । আজি জনতা ভৱনত আৰক্ষী, সামৰিক বাহিনী আৰু বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপনক স্মৰণীয় কৰি তুলিবলৈ আহ্বান জনায় ।

অহা ১৪ আগষ্টৰ পৰা ১৬ আগষ্টলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ তেওঁ নিৰ্দেশ দিয়ে (Independence day celebration with comprehensive program)। মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমবোধ জাগ্ৰত কৰিবলৈ এই দিৱস এনেভাৱে উদযাপন কৰিব লাগিব যাতে জনসাধাৰণে স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে স্বতঃস্ফূতভাৱে অংশ গ্ৰহণ কৰে । তেওঁ লগতে কয় যে, সমাজৰ সকলো স্তৰৰ লোকক এই দিৱস উদযাপনৰ সৈতে জড়িত কৰিব পৰাকৈ ব্যাপক প্ৰস্তুতি চলোৱা উচিত ।

স্বাধীনতা সংগ্ৰামত স্বাধীনতা সেনানীসকলৰ সৰ্বোচ্চ ত্যাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই দিৱসৰ কাৰ্যসূচী এনেভাৱে ৰূপায়িত কৰিবলৈ কয়, যাতে নতুন প্ৰজন্মই দেশৰ সমৃদ্ধ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামীসকলৰ অতুলনীয় ত্যাগৰ বিষয়ে অৱগত হ’ব পাৰে ।

তেওঁ লগতে কয় যে নিৰাপত্তা বাহিনীৰ লোকসকলে এনে ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব লাগিব যাতে জনসাধাৰণে আগ্ৰহেৰে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰতি থকা অকৃত্ৰিম স্নেহ প্ৰকাশ কৰিব পাৰে । তেওঁ কয় যে এই সময়চোৱাত অতি নান্দনিকভাৱে চৰকাৰী ভৱনসমূহ আলোকিত কৰা হ’ব আৰু সমগ্ৰ ৰাজ্যখনতে দেশপ্ৰেমমূলক গীত বজোৱা হ’ব ।

মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক সকলো উপায়ুক্তৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবলৈ কয় ৷ যাতে প্ৰতিখন জিলাতে স্বাধীনতা দিৱস উদযাপনৰ পৰিকল্পনা বিশালভাৱে কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে এই দিৱস উদযাপনৰ সময়ত অসামাজিক কার্যকলাপ ৰোধ কৰিব পৰাকৈ নিৰাপত্তামূলক ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Har Ghar Tiranga: অমৃত মহোৎসৱ উদযাপনৰ সময়তে পতাকাবিহীন হৈছে মহানগৰীৰ গান্ধী মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.