1 বজাৰ দহটা শীৰ্ষ সংবাদ-
চকু হৈছে আমাৰ বাবে এক আশীৰ্বাদ স্বৰূপ । কিন্তু বহুতে চকুৰ যতন নলয় । যাৰ বাবে সমগ্ৰ বিশ্বৰ বহু লোক দৃষ্টিশক্তিৰ বিভিন্ন সমস্যাত ভুগি আছে । কিন্তু সাৱধানতা আৰু সঠিক যতনে দৃষ্টিশক্তিৰ সমস্যা প্ৰতিৰোধত সহায় কৰিব পাৰে । সেয়েহে, জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ অক্টোবৰৰ দিনটো বিশ্ব দৃষ্টি দিৱস হিচাপে পালন কৰা হয় ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া ধুবুৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ নিৰ্মাণথলীত উপস্থিত হয় । দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷
ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণ, উৰুলি, শংখধ্বনিৰে সম্প্ৰতি মুখৰিত হৈ আছে ৰাজ্যৰ চৌদিশ ৷ আজি মহানৱমী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বঙাইগাঁৱৰ বহু স্থানত উদযাপিত হৈছে দুৰ্গোৎসৱ ৷ শাৰদীয় দুৰ্গা পূজা উপলক্ষে অভয়াপুৰীৰ পূজাথলীসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয় ভক্তৰ ৷
তেজপুৰ চহৰৰ অন্যতম বিলাসী হোটেল KRC Palace ত উত্তপ্ত পৰিস্থিতি ৷ চৰকাৰী ক’ভিড প্ৰট’কল(Covid Protocol) ভংগ কৰি হোটেলখনত বহিছে বিলাতী সুৰাৰ আড্ডা ৷ ঘটনা সন্দৰ্ভত ক্ষুদ্ৰ ব্যৱসায়ী আৰু তেজপুৰ আছু(AASU)ৰ উত্তাল প্ৰতিবাদ ৷
ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস ৷ পূজাৰ এই আনন্দ-উল্লাসৰ মাজতেই একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷
108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা ৷ 25 বছৰ গৰকা পূজাখন পৰিচালিত কৰা হয় স্থানীয় মহিলাৰ দ্বাৰা ৷ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত কৰা হৈছে এই পূজা ৷
দুৰ্গা পূজা(Durga Puja) উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ বুধবাৰে সন্ধিয়া মহাষ্টমীৰ শুভক্ষণত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সবুজ সংঘ পূজা মণ্ডপত পূজা-অৰ্চনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে মুখ্যমন্ত্ৰী পূজা মণ্ডপত উপস্থিত হোৱাৰ লগে লগে ক’ভিড প্ৰট’কল(Covid Protocol) ভাঙি সাক্ষাৎ কৰাৰ চেষ্টা কৰে একাংশ লোকে
ৰাজ্যৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া গাঁৱত অৱস্থিত ৰামখাপীঠ দেৱালয়(Ramkhapith Devalaya)৷ প্ৰবাদ, লোকবিশ্বাস আৰু বুৰঞ্জীত উল্লেখিত তথ্য মতে, জাগ্ৰত এই শক্তিপীঠখনত মহাষ্টমীৰ দিনটোত প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ।
বুধবাৰে KKR আৰু DC ৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱালিফায়াৰ মেচত দিল্লী কেপিটেলছক(DC) হৰুৱাই ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছৰ(KKR) ৷ শুকুৰবাৰে ডুবাই ক্ৰিকেট ষ্টেডিয়ামত CSK আৰু KKR ৰ মাজত অনুষ্ঠিত হ’ব 2021 বৰ্ষৰ আই পি এলৰ চূড়ান্ত মেচখন ৷
বুধবাৰে নতুন দিল্লীত আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰা হয় । লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন সংস্থাৰ মাজত আগতীয়া পৰিকল্পনা, সমন্বয় আৰু যৌথকৰণৰ জৰিয়তে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন উদ্দেশ্যে আৰু লক্ষ্য কেনেধৰণৰ ?