ETV Bharat / state

ৰাজ হত্যাকাণ্ড: শেষৰটো অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ - Tinsukia brutal murder case

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 9:41 PM IST

TINSUKIA BRUTAL MURDER CASE
ৰাজ হত্যাকাণ্ড: শেষৰটো অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ

TINSUKIA BRUTAL MURDER CASE : পৰিকল্পিতভাৱে ৬ যুৱক-কিশোৰে হত্যা কৰি বাগিচাৰ মাজত জ্বলাই দিয়া ৰাজ লাচিতৰ ঘটনাৰ লগত শেষৰটো অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ ৷

তিনিচুকীয়া, 29 এপ্ৰিল : ব’হাগ বিহুৰ আনন্দৰ মাজতে যোৱা 15 এপ্ৰিলত পুৱা কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত শিৱসাগৰ বকতাৰ ৰাজ লাচিতক (21) হত্যা কৰি জ্বলাই দিছিল । এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিচতে তিনিচুকীয়া আৰক্ষীয়ে 5 টা অভিযুক্তক আটক কৰিছে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে সোমবাৰে শেষৰটো তথা 6 নং অভিযুক্তটোক আটক কৰে ৷

তিনিচুকীয়া সদৰ আৰক্ষী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইয়ে জানিব দিয়া অনুসৰি, শুকুৰবাৰে শিৱসাগৰ বকতাৰ পৰা ৰাজ লাচিতৰ পৰিয়ালৰ লোক তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ 15 এপ্ৰিলৰ পুৱা শুকানপুখুৰীৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ জ্বলন্ত মৃতদেহটোৰ ফটো চাই মৃতদেহটো চিনাক্ত কৰাৰ পাচতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছিল তদন্ত ৷ তদন্তৰ প্ৰথম পৰ্যায়ত শনিবাৰে এই হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক ডিগবৈৰ পৰা আটক কৰে আৰু পৰৱৰ্তী সময়ত পুনৰ আন তিনিটাক তিনিচুকীয়াত আটক কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ধৃত পাঁচটাৰ ভিতৰত দুটা কিশোৰ আছিল আৰু তিনিটা ক্ৰমে কচুজানৰ বাবু প্ৰসাদ শ্বাহ, পংকজ প্ৰসাদ আৰু ৰিটিক ভূমিজ ৷ ইয়াৰ পিচতে দেওবাৰে শুকানপুখুৰী চাহ বাগিচাৰ মাজত লুকুৱাই ৰখা অৱস্থাত হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰৰ লগতে সেই সময়ত পৰিধান কৰা কাপোৰ উদ্ধাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

অৱশেষত পলাতক অৱস্থাত থকা কচুজানৰ সমীৰ বৰাইক নামৰ যুৱকজনক গুইজানৰ পৰা আজি আটক কৰি উক্ত হত্যাকাণ্ডৰ তদন্তৰ যবনিকা পেলায় তিনিচুকীয়া আৰক্ষীয়ে ৷

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰাজ লাচিতৰ সৈতে পূৰ্বৰ চিনাকি এগৰাকী সতীৰ্থ কৰ্মচাৰীৰ লগত দীৰ্ঘদিনৰ পৰা সৰুসুৰা বিভিন্ন ক্ষেত্ৰত হোৱা বাক-বিতণ্ডাৰ বাবেই সতীৰ্থ কৰ্মচাৰীগৰাকীয়ে আন পাঁচগৰাকী সতীৰ্থৰ স’তে পৰিকল্পনা কৰিছিল হত্যাকাণ্ডৰ । সেইগৰাকী সতীৰ্থৰ সৈতে ৰাজ লাচিতে পূৰ্বতেও অন্য স্থানত কাম কৰিছিল । পৰিকল্পনা অনুসৰিয়েই 14 এপ্ৰিলৰ নিশা সমীৰ বৰাইকৰ বাসগৃহত আটাইকেইগৰাকীয়ে আড্ডাত বহিছিল ৷ আড্ডাৰ মাজতে ৰাজ লাচিতক ছয় হত্যাৰ অভিযুক্তই নিশা শুকানপুখুৰী চাহ বাগিচাৰ মাজলৈ লৈ যায় আৰু তাতেই চোকা অস্ত্ৰৰে অতি নৃশংসভাৱে ৰাজ লাচিতক হত্যা কৰি বাগানৰ মাজত থকা জাৱৰে লুকুৱাই আহে ৷ পৰৱৰ্তী সময়ত পুনৰ প্ৰায় ১১.৩০ বজাত মৃতদেহৰ লগত যাতে হত্যাকাণ্ডৰ কোনো তথ্য নাথাকে তাৰ বাবে মৃতদেহৰ কাষত উপস্থিত হৈ লুকুৱাই ৰখা জাৱৰে মৃতদেহটো জ্বলাই দিয়ে আৰু পৃথকে পৃথকে পলায়ন কৰে।

ইফালে, ৰাজ লাচিতৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত সতীৰ্থগৰাকীয়ে স্কুটীখনো অৰুণাচলত ন হাজাৰ টকাত বন্ধকত দিছিল আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্কুটীখন ।

আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই লগতে কয় যে, ৰাজ লাচিতৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা ছয় অভিযুক্তক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ কিন্তু উল্লেখনীয় বিষয়টো হ’ল যে, ৰাজ লাচিতে প্ৰায় চাৰি মাহৰ পৰা পৰ্বতীয়াস্থিত হ’ট অভেন নামৰ বেকাৰীৰ ফেক্টৰীত কাম কৰি আছিল ৷ কিন্তু বেকাৰীৰ স্বত্বাধিকাৰীগৰাকীয়ে কোনো নথি-পত্ৰ নোলোৱাকৈ কৰ্মচাৰী নিয়োজিত কৰিছিল সেয়া এতিয়া ৰহস্যজনক বিষয় হৈ পৰিছে ৷ ইয়াৰোপৰি ফেক্টৰীক কিশোৰক কৰ্মচাৰী হিচাপে নিয়োজিত কৰা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে শ্ৰম বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: পৰিকল্পিতভাৱে ৬ যুৱক-কিশোৰে হত্যা কৰি বাগিচাৰ মাজত জ্বলাই দিছিল ৰাজ লাচিতক: আটক 5 অভিযুক্ত - Sensational murder in Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.