25 বছৰ গৰকা মহিলাৰ দ্বাৰা পৰিচালিত মহানগৰীৰ এখন পূজা

author img

By

Published : Oct 14, 2021, 7:54 AM IST

Updated : Oct 14, 2021, 8:26 AM IST

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা ৷ 25 বছৰ গৰকা পূজাখন পৰিচালিত কৰা হয় স্থানীয় মহিলাৰ দ্বাৰা ৷ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত কৰা হৈছে এই পূজা ৷

গুৱাহাটী, 14 অক্টোবৰ : 25 বছৰ অতিক্ৰম কৰিলে মহানগৰীৰ এখন বিশেষ পূজাই ৷ পূজাখন বিশেষ বুলি এই বাবেই কোৱা হৈছে কিয়নো এই পূজাৰ সকলো কাম-কাজ পৰিচালনা কৰে মহিলাই ৷ সাধাৰণতে ৰাজহুৱা বৈদিক কাম-কাজ, পূজা-পাৰ্বণত আগভাগ লোৱা দেখা যায় পুৰুষসকলক ৷ কিন্তু মহানগৰীৰ পাথৰকুঁৱেৰীত অনুষ্ঠিত এই পূজাভাগত সকলো কাম-কাজ সম্পন্ন কৰে মহিলাসকলে ৷

108 টা ঘট স্থাপন কৰি উদযাপন কৰা এখন দুৰ্গা পূজা

পূজাখনৰ আয়োজক সমিতিৰ সকলো বিষয়ববীয়া মহিলা হোৱাৰ সমান্তৰালকৈ আপুনি দেখা পাব পুৰোহিতৰ আসন অলংকৃত কৰিছে মহিলাই ৷ মহানগৰীৰ পাথৰকুঁৱেৰীৰ ১ নং মঠঘৰীয়াৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰ পূজা সমিতিত সুলভ হৈছে এই দৃশ্য ৷ বিগত বছৰৰ সমূহৰ দৰে এইবেলিও ক’ভিড প্ৰট’কল মানি চলি সমিতিখনে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পূজাৰ ৷ 2006 চনৰ পৰা চলি অহা এই পূজাভাগ সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হয় ৷

এই পূজাত দেখা পোৱা নাযায় কোনো ধৰণৰ জাক-জমকতা ৷ 108 টা ঘট স্থাপনেৰে মহিলাসকলে পূজা আগবঢ়াই দেৱী মা লৈ বুলি ৷ স্থানীয় প্ৰায় অৰ্ধ শতাধিক মহিলাই চৰকাৰী নিৰ্দেশনা মানি এইবেলিও পূজা অনুষ্ঠিত কৰিছে ৷ পৰম্পৰা অনুসৰি, বৃহস্পতিবাৰে মহানৱমী উপলক্ষে এই পূজাত অনুষ্ঠিত হ’ব কুমাৰী পূজা ৷

লগতে চাওক: তেজপুৰৰ জাহাজঘাটত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ

Last Updated :Oct 14, 2021, 8:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.