ETV Bharat / state

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ - AAP PROTEST

Arvind Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ কাৰাবন্দীত্বৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ মহানগৰী গুৱাহাটীত দলীয় নেতা-কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে আপৰ কৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

AAP PROTEST
আপৰ বিক্ষোভ
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 10:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৯ এপ্ৰিল: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে মহানগৰী গুৱাহাটীত গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আম আদমী পাৰ্টিৰ ৷ সোমবাৰে দলটোৰ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতে শতাধিক নেতা-কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক ই ডিৰ জৰিয়তে কাৰাবন্দী কৰি ৰখাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

AAP PROTEST
আপৰ বিক্ষোভ

আপৰ স্বেচ্ছাসেৱক সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাৰ চেষ্টা কৰে যদিও বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ 'কেজৰিৱালক মুক্তি দিয়ক, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰক, একনায়কত্ববাদ নচলিব’ আদি শ্লোগানেৰে আপৰ প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে আপৰ কৰ্মীসকলে ৷

AAP PROTEST
কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, "আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় চৰকাৰে আক্ৰোশমূলকভাৱে ই ডিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছে ৷ কোনো ধৰণৰ তথ্য, প্ৰমাণ অবিহনে ভুৱা গোচৰত প্ৰায় এমাহ ধৰি মুখ্যমন্ত্ৰী কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিছে ৷ সেইবাবেই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে আমি চৰকাৰৰ একনায়কত্ববাদী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো" ৷

আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে গৃহমন্ত্ৰীৰ ৰোড শ্ব' উপলক্ষে ৰাজ্যৰ বন বিভাগে মহানগৰীৰ ৰাজপথৰ দাঁতিৰ গছ কটাৰ বিৰুদ্ধেও সৰৱ হোৱা পৰিলক্ষিত হয় ৷ তেওঁ কয় যে,"যি সময়ত চৰকাৰে অমৃত বৃক্ষ ৰোপণৰ কথা কৈছে, সেই সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থত চৰকাৰৰ বন বিভাগে গুৱাহাটীৰ ৰাজপথৰ গছ কাটি তহিলং কৰিছে ৷ আমি ইয়াৰে বিৰোধিতা কৰিছোঁ" ৷

লগতে চাওক: মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024