মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024
AMIT SHAH ROAD SHOW IN GUWAHATI : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বাবে গুৱাহাটীৰ নগৰীয়া ভোটাৰৰ ভোট লাভৰ বাবে মহানগৰীৰ মাজমজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দুই কিলোমিটাৰজোৰা ৰোড শ্ব’ ৷ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা দুই কিলোমিটাৰ ৰোড শ্ব’ কৰি লালগণেশলৈ যায় গৃহমন্ত্ৰীগৰাকী ৷ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা ফুলেৰে ৰথ সদৃশ সজাই তোলা এখন বাহনত উঠি শ্বাহে ৰোড শ্ব’ আৰম্ভ কৰে ৷

Published : April 29, 2024 at 7:32 PM IST
গুৱাহাটী, 29 এপ্ৰিল : হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰে সোমবাৰে সন্ধিয়া গুৱাহাটীত অমিত শ্বাহে এক বিশাল জনসমাগমৰ মাজেৰে প্ৰায় 2.2 কিলোমিটাৰৰ এক ৰোড শ্ব’ত ভাগ লৈ গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায় ৷ বিয়লি 4.30 বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিশেষ বিমানেৰে উপস্থিত হৈ সন্ধিয়া ৰোড শ্ব’ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী শ্বাহে ৷
এক কথাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজি গুৱাহাটীৰ ৰাজপথত অমিত শ্বাহৰ নেতৃত্বত বিজেপিৰ শক্তি প্ৰদৰ্শন ৷ ৰোড শ্ব’ত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক লগত লৈ পুষ্পসজ্জিত বাহনত উঠি জনতাৰ অভিবাদন গ্ৰহণ কৰিলে অমিত শ্বাহে ৷ ৰোড শ্ব’ত অমিত শ্বাহৰ লগত গাড়ীত দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাক ৷ উত্তৰ-পূৱৰ দুৱাৰমুখৰূপে খ্যাত গুৱাহাটী চহৰৰ লখৰা পথৰ চাইকেল ফেক্টৰী পইণ্টৰ পৰা লালগণেশ পইণ্টলৈ এই দুই কিলোমিটাৰ পথজুৰি হোৱা ৰোড শ্ব’ত লোকে লোকাৰণ্য হৈ গেৰুৱাময় হৈ পৰা পৰিলক্ষিত হ’ল ৷
পথৰ দুয়োকাষে দেখা গ’ল হাজাৰ হাজাৰ লোকৰ জৱসমুদ্ৰ ৷ ৰোড শ্ব’ অনুষ্ঠিত হোৱা পথচোৱাৰ দুয়োকাষে অস্থায়ী মঞ্চ নিৰ্মাণ কৰি স্থানীয় লোককলা-সংস্কৃতি প্ৰদৰ্শন কৰি অমিত শ্বাহক আদৰণি জনায় ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই ৷ বিজেপিৰ কৰ্ম-কৰ্তাৰ পৰা আৰম্ভ কৰি মিত্ৰদল অগপ আদিৰ সদস্যয়ো এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ আজিৰ গুৱাহাটীৰ ৰোড শ্ব’ শেষ কৰি অমিত শ্বাহে গুৱাহাটীতে নিশাটো কটাব ৷
ইতিমধ্যে অসমৰ 14 টা সমষ্টিৰ ভিতৰত 10 টা সমষ্টিত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ৷ তৃতীয় পৰ্যায়ত 7 মে’ত বাকী থকা গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী- এই চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তাৰ ভিতৰত অন্যতম হ’ল গুৱাহাটী লোকসভা সমষ্টি ৷ 2009 চনৰ পৰা গুৱাহাটী সমষ্টিটো বিজেপিৰ দখলত আছে ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক প্ৰত্যাহ্বান জনাইছে বাকপটু মহিলা ৰূপে পৰিচিত কংগ্ৰেছৰ মীৰা বৰঠাকুৰে ৷ মন কৰিবলগীয়া যে 2009ৰ পৰাই সমষ্টিটোক মহিলাই প্ৰতিনিধিত্ব কৰি আহিছে ৷ এইবাৰো কংগ্ৰেছ-বিজেপিৰ দুয়োটা দলৰে প্ৰাৰ্থী হ’ল মহিলা ৷

