ETV Bharat / politics

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি ৰাজ্যিক বিজেপিৰ - Lok Sabha Election 2024

বৰঝাৰ বিমান বন্দৰত অৱতৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ বিমান বন্দৰত অমিত শ্বাহক আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাসহ বহুতো বিজেপি নেতাই ৷

AMIT SHAH ARRIVES GUWAHATI
গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি ৰাজ্যিক বিজেপিৰ
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 6:21 PM IST

2 Min Read
Choose ETV Bharat
গুৱাহাটীত উপস্থিত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ

মিৰ্জা, 29 এপ্ৰিল : গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এখন বিশেষ বিমানেৰে আজি বিয়লি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিমান বন্দৰত অমিত শ্বাহক আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কুইন ওজা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক তেৰছ গোৱালা, বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিকে ধৰি বহুতো বিজেপি নেতাই ৷

বিমান বন্দৰৰ পৰা কটকটীয়া নিৰপত্তা ব্যৱস্থাৰ মাজেৰে পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ ৰেডিচন ব্লুত কিছুসময় জিৰণি লৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব তেওঁ ৷ নিশা কইনাধৰাত কটাব গৃহমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ এই চাৰিটা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মহানগৰীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা সন্ধিয়া 6.10 বজাত এক ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে এই ৰোড শ্ব’ক লৈ ৰাজকীয় প্ৰস্তুতি চলাইছে ৰাজ্যিক বিজেপিয়ে ৷ সমগ্ৰ পথছোৱাত অমিত শ্বাহৰ বেনাৰ‌-হৰ্ডিঙেৰে সজাই তোলা পৰিলক্ষিত হৈছে ৷ পথৰ কাষে কাষে বিজেপিৰ বেনাৰ-পোষ্টাৰ আঁৰি দিয়া দেখা গৈছে ৷

আনহাতে এই ৰোড শ্ব’ক লৈ কটকটীয়া কৰি তোলা হৈছে মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা ৷ পথৰ কাষৰ ওখ অট্টালিকাবোৰৰ চাদত আৰক্ষী মোতায়েন কৰা হৈছে ৷ মহানগৰীৰ কেতবোৰ নিৰ্দিষ্ট পথত "ন' ড্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন" হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে ৷ লগতে অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ বিশেষ পথ নিৰ্দেশনাও জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে ৷ নিশা ৯ বজালৈ পৰ্যন্ত থাকিব এই নিৰ্দেশনা ৷

ইফালে এই ৰোড শ্ব’ত এক লাখতকৈয়ো অধিক সমাগম হ’ব বুলি জানিবলৈ দিছে বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই ৰেলীত তেওঁ প্ৰায় এক লাখ বিশ হাজাৰ সমাগম হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তিৰে অমিত শ্বাহৰ ৰোড শ্ব’ৰ প্ৰস্তুতি - Lok Sabha Election 2024